NORTHEAST NOW (Assamese)
অসম

ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সদ্য প্ৰয়াত প্ৰসন্ন কুমাৰ দাসৰ বাসগৃহত সাহিত্য সভাৰ সঁজাতি দল

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ December 24, 2021 7:31 pm

ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়, সম্পাদক আজাদ আলী আহমেদ সমন্বিতে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা( ২৪ ডিচেম্বৰ) শুক্রবাৰে ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সদ্য প্ৰয়াত প্ৰসন্ন কুমাৰ দাসৰ চাপৰস্থ বাসগৃহত উপস্থিত হয়।

সঁজাতি দলটোৱে শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনোৱাৰ লগতে দাস দেৱৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে।

পৰিয়ালৰ লগত হোৱা আলোচনা প্ৰসংগত সঁজাতি দলটোৱে প্ৰসন্ন কুমাৰ দাসৰ বহুমুখী ব্যক্তিত্বৰ বিষয়ত আলোকপাত কৰাৰ লগতে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে জনসাধাৰণৰ আপোন প্ৰসন্ন কুমাৰ দাসক উপযুক্ত সন্মান দিয়াটো আমাৰ সকলোৰে কৰ্তব্য হোৱা উচিত।

এই ক্ষেত্ৰত জিলা সভা আৰু গৃহস্থৰ সৈতে আলোচনাৰ মাধ্যমেৰে স্মৃতিচাৰণ সভা আৰু প্ৰসন্ন কুমাৰ দাসৰ ৰচনা সমূহ থুপাই প্ৰসন্ন কুমাৰ দাস ৰচনাৱলী প্ৰকাশ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।