NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছ : চীনক অতিক্ৰমী ইটালীত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক

March 20, 2020 2:50 pm · এন ই নাও নিউজ

ইটালীত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা চীনতকৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে দেশখনত ৪২৭ লোকৰ মৃত্যু হয়।

বৰ্তমানলৈকে ইটালীত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৪০৫ গৰাকী, ইয়াৰ বিপৰীতে চীনত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা হৈছে ৩২৪৮ গৰাকী।

উল্লেখযোগ্য যে ইটালীত মূঠ ৪১,০৩৫ গৰাকী ব্যক্তি শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে।

নিহতৰ সংখ্যা এইদৰে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ চৰকাৰে ৩ এপ্ৰিললৈকে ঘোষণা কৰা ‘লকডাউন’ৰ সময়সীমা বঢ়াই দিছে বুলি প্ৰধান মন্ত্ৰী জ্যোচেপ ক’ণ্টেই সদৰী কৰে।

সমগ্ৰ বিশ্বত এই পৰ্যন্ত ১০,০৫৯ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে।

ইফালে ভাৰতৰ ৰাজস্থানত আজি এজন ইটালিৰ লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে ভাৰতত এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত একোজনকৈ লোকৰ এই ভাইৰাছবিধৰ ফলত মৃত্যু হৈছিল।

Related News