NORTHEAST NOW (Assamese)

Video|| বিজেপি কাৰ্য্যালয়তে সমাধি নিহতক, জুইত উঃ মুখ্য মন্ত্ৰীৰ ঘৰ, সেনাক আক্ৰমণ, উত্তপ্ত ইটানগৰ

February 24, 2019 5:53 pm · এন ই নাও নিউজ
Updated: February 24, 2019 6:56 pm
বিজেপিৰ কাৰ্য্যালয়ত প্ৰতিবাদী ৰাইজে দেওবাৰে নিহত যুৱকৰ মৃতদেহ সমাধিস্থ কৰাৰ ছবি। সৌজন্য-- ফে’চবুক।

চুবুৰীয়া অৰুণাচল প্ৰদেশত পি আৰ চি-বিৰোধী উগ্ৰ প্ৰতিবাদে শ্মশানত পৰিণত কৰিছে ইটানগৰত নিৰ্মীয়মান শাসকীয় বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়।

সান্ধ্য আইন ওফৰাই নিৰ্মীয়মান কাৰ্য্যালয় ভৱনটোতে দেওবাৰে দুপৰীয়া প্ৰতিবাদী ৰাইজে সমাধিস্থ কৰিছে নিৰাপত্তাৰক্ষীৰ গুলীত শুকুৰবাৰে নিহত ৰিছ’ তাৰিৰ মৃতদেহ। ইন্দিৰা গান্ধী পাৰ্কত ৰাজহুৱা শ্ৰদ্ধাঞ্জলীৰ বাবে ৰখা যুৱকজনৰ কফিন নি যোৱা ৭ জানুৱাৰিত ভূমি পূজন হোৱা বিজেপি কাৰ্য্যালয়টোত পুতি পেলোৱা হৈছে।

তাৰিৰ উপৰি নিৰাপত্তাৰক্ষীৰ গুলীত এতিয়ালৈকে নিহত হৈছে আৰু তিনিজন যুৱক। তাৰে দুজনক বিকি ৰুজা আৰু ৱাংদি চেৰিং বুলি চিনাক্ত কৰা হৈছে, আনজনৰ সবিশেষ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

খোদ উপ মুখ্য মন্ত্ৰী চাওনা মিন, দিচি-এচ পিৰ কাৰ্য্যালয়ো দেওবাৰে লণ্ডভণ্ড কৰিছে উন্মত্ত প্ৰতিবাদকাৰীয়ে। উপ মুখ্য মন্ত্ৰী মিনক ৰাজধানীৰ পৰা নামচাইলৈ আঁতৰাই পঠোৱা হৈছে। গুৰুতৰভাৱে আহত হৈছে এচ পি-পৰ্য্যায়ৰ এজন আৰক্ষী বিষয়া।

গুলীবৰ্ষণ আৰু শনিবাৰৰ পৰা নিয়োজিত সেনাবাহিনীকো কেৰেপ নকৰি আজিও অব্যাহত আছে হিংস্ৰ গণ আন্দোলন। খোদ সেনাৰ কনভয় আক্ৰমণৰ গৰাহত পৰিছে।

পাহাৰীয়া ৰাজ্যখনৰ সৰ্ববৃহৎ সম্প্ৰদায় নিচি অধ্যূষিত ইটানগৰ, নাহৰলগুন, নিৰজুলি আৰু অসম সীমান্তৰ বান্দৰদেৱাত মূলতঃ উগ্ৰ ৰূপ লৈছে আন্দোলনটোৱে।

দীৰ্ঘদিনধৰি অৰুণাচলত বাস কৰি অহা ৬টা “অ-অৰুণাচলী গোষ্ঠী”ক নামচাই আৰু চাংলাং জিলাত স্থায়ী আৱাসীৰ মৰ্য্যাদা দিবলৈ সহমতত উপনীত নোহোৱাকৈ শাসকীয় বিজেপি চৰকাৰে আনিব খোজা বিধেয়কৰ বিৰুদ্ধে হিংস্ৰ আন্দোলনটো আৰম্ভ হৈছে।

খান্দু চৰকাৰে পি আৰ চিৰ মৰ্য্যাদা দিব খোজা গোষ্ঠীকেইটা হৈছে– সোণোৱাল কছাৰী, মৰাণ, দেউৰী, আদিবাসী, গোৰ্খা আৰু মিছিং।

উগ্ৰ প্ৰতিবাদত সেও মানি পেমা খান্দু চৰকাৰে বিধেয়কখন বিধান সভাত উত্থাপন কৰা নহয় বুলি শনিবাৰৰ পৰা ধাৰাৱাহিকভাৱে ঘোষণা কৰি আহিছে।

Related News