লজ্জাজনক! দুলীয়াজানৰ এখন চাহ বাগিচাত সংঘটিত হৈছে নাৰকীয় ঘটনা
প্ৰিয়শিল্পীক হেৰুৱাই শোকবিহ্বল হৈ থকাৰ সময়তে ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চলকৰ ঘটনা। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সময়তে চাহ বাগিচাত এগৰাকী নাবালীকাক যৌন শোষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি দুলীয়াজান থানাৰ অন্তৰ্গত ডিৰিয়াল চাহ বাগিচাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
এই গোচৰত আৰক্ষীয়ে ইতিমধ্যে POCSO আইনৰ অধীনত দুজন অভিযুক্ত ক্ৰমে সুদৰ্শন নায়ক (৪১) আৰু সুনীল মুণ্ডা (৩১)ক গ্ৰেপ্তাৰ কৰিছে। ক্ষোভিত স্থানীয় ৰাইজৰ লগতে সদৌ আদিবাসী ছাত্ৰ সন্থা (AASAA), অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA), মুণ্ডা যুবা চত্ৰ পৰিষদ, মুণ্ডা মহাসভা আৰু স্থানীয় মহিলা সংগঠনে পথ অৱৰোধ কৰি দোষীক মৃত্যুদণ্ডৰ দাবী জনায়।
উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ আছাৰ সভাপতি মনোজ ওৰাওৱে, ত্ৰুটিমুক্ত ভাবে গোচৰৰ চাৰ্জশ্বীট দাখিল কৰাৰ লগতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে তদন্ত সম্পূৰ্ণ কৰিবৰ বাবে আৰক্ষীক আহ্বান জনাইছে। লগতে ভুক্তভোগীৰ পৰিয়ালক ক্ষিপ্ৰ ন্যায় প্ৰদান কৰিবলৈও দাবী জনাইছে।
স্থানীয় সূত্ৰ অনুসৰি, সোমবাৰে সন্ধিয়া স্থানীয় লোকে বাগিচাত প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই থকা সময়তে কিশোৰীগৰাকী নিৰুদ্দেশ হৈ আছিল। মঙলবাৰে পুৱা চাহ বাগিচাৰ ভিতৰৰ নালাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃতদেহটোত একাধিক আঘাতৰ চিন দেখা গৈছিল। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।