NORTHEAST NOW (Assamese)
Popular Stories

স্বাধীনতা লাভ কৰা ৮০ বছৰ হ’ল তথাপিও পৰ্যাপ্ত চৰকাৰী চাকৰিৰ ব্যৱস্থা নাই: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2025 1:30 pm

আমি প্ৰায় ৮০ বছৰীয়া দৰিদ্ৰতাৰ যাত্ৰাত নামিবলৈ ওলাইছো। কিন্তু, এতিয়ালৈকে আমি যোগ্য প্ৰাৰ্থীৰ বাবে পৰ্যাপ্ত চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিব পৰা নাই। উচ্চতম ন্যায়ালয়ে এক পৰ্যবেক্ষণত এই কথা উল্লেখ কৰি দুখ প্ৰকাশ কৰে। শেহতীয়াকৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিৰ অভাৱৰ ওপৰত আলোকপাত কৰে। উচ্চতম ন্যায়ালয়ৰ মতে, অতি কম সংখ্যক সুযোগৰ বাবে বহু প্ৰাৰ্থীয়ে চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পাছতো সেই সুযোগৰ পৰা বঞ্চিত হৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হবলগীয়া হৈছে।

উচ্চতম ন্যায়ালয়ে য় যেআমি স্বাধীনতা লাভ কৰাৰ প্ৰায় ৮০ বছৰ পাৰ কৰিলোঁ৷ কিন্তু, এতিয়ালৈকে আমি চৰকাৰী চাকৰি কৰিব বিচৰাসকলৰ বাবে পৰ্যাপ্ত চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিব পৰা নাই। সেই লক্ষ্যত উপনীত হব পৰা নাছিল। অৱশ্যে দেশত অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ অভাৱ হোৱা নাই। চৰকাৰী চাকৰি পোৱাৰ আশাত দীঘলীয়া শাৰীত থিয় দিছে যোগ্য প্ৰাৰ্থী। কিন্তু, পৰ্যাপ্ত চাকৰিৰ সুযোগৰ অভাৱত তেওঁলোকে অপেক্ষাৰ দিন গণনা কৰি আছে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দিপাংকৰ দত্ত আৰু ন্যায়াধীশ মনমোহনৰ বিচাৰপীঠে এই মতামত প্ৰকাশ কৰে। বিহাৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পাটনা উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ক সমৰ্থন কৰে। যত পাটনা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ এটা নিয়মক অসাংবিধানিক বুলি ৰায় দিছিল। বিহাৰত নিয়ম আছিল যে চকিদাৰৰ চৰকাৰী চাকৰি বংশগত হব। কিন্তু পাটনা উচ্চ ন্যায়ালয়ে সেই প্ৰথা অসাংবিধানিক বুলি ঘোষণা কৰিছিল

স্মৰ্তব্য যে, বিহাৰ চকিদাৰ কেডাৰ (সংশোধনী) নিয়ম, ২০১৪ত উল্লেখ আছে যে এজন চকিদাৰে অৱসৰৰ সময়ত তেওঁৰ ওপৰত নিৰ্ভৰশীল উত্তৰাধিকাৰীক মনোনীত কৰিব পাৰে। তাৰ ঠাইত চৰকাৰী চাকৰিটো পাব। পাটনা উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে ৰায় দিয়ে যে এই নিয়মে সাংবিধানিক সমতাৰ অধিকাৰ আৰু চৰকাৰী সেৱাত সম সুযোগৰ অধিকাৰ খৰ্ব কৰিছে।