NORTHEAST NOW (Assamese)

ট্ৰাম্প-মোদীৰ বন্ধুত্ব এতিয়া ইতিহাসঃ আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জন বোল্টনৰ দাবী

September 5, 2025 9:21 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন বোল্টনে কয় যে ডনাল্ড ট্ৰাম্প আৰু নৰেন্দ্ৰ মোদীৰ মাজত এসময়ৰ ঘনিষ্ঠ ব্যক্তিগত সম্পৰ্ক এতিয়া শেষ হৈছে। ভাৰতৰ ওপৰত ট্ৰাম্পৰ শুল্কক লৈ বাণিজ্যিক উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে এই কথা প্ৰকাশ কৰিছে।

ব্ৰিটিছ আউটলেট এল বি চিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বোল্টনে কয় যে, ‘মোদীৰ সৈতে ব্যক্তিগতভাৱে ট্ৰাম্পৰ সম্পৰ্ক আছিল অতি ভাল আছিল। মই ভাবো যে এতিয়া সেই সম্পৰ্ক নাই, আৰু ই সকলোৰে বাবে এক শিক্ষা। উদাহৰণস্বৰূপে, (ইউ কেৰ প্ৰধানমন্ত্ৰী) কেইৰ ষ্টাৰমাৰ — এটা ভাল ব্যক্তিগত সম্পৰ্কই কেতিয়াবা সহায় কৰিব পাৰে, কিন্তু ই আপোনাক আটাইতকৈ বেয়াৰ পৰা ৰক্ষা নকৰে।’

ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ এক উত্তেজনাপূৰ্ণ মুহূৰ্তত বোল্টনৰ এই মন্তব্য আহি পৰিছে। ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বিপৰীতে মোদীক বেইজিঙত ভ্লাদিমিৰ পুটিন আৰু ছি জিনপিঙৰ সৈতে দেখা পোৱা গৈছে, যিয়ে নতুন দিল্লীৰ সলনি হোৱা বিদেশ নীতিৰ সংকেত দিছে।

এতিয়া সঘনাই সমালোচনা কৰা ট্ৰাম্পৰ প্ৰাক্তন সহায়কগৰাকীয়ে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বৈদেশিক নীতিক ব্যক্তিগত সম্পৰ্কৰ সংকীৰ্ণ দৃষ্টিৰে চায়।

বোল্টনৰ সতৰ্কবাণীৰ পৰা অনুমান কৰিব পাৰি যে এসময়ত হিউষ্টনৰ “হাউডি মোদী ৰেলীৰ পৰা আৰম্ভ কৰি ৰাজ্যিক ভ্ৰমণলৈকে শিৰোনামত আধিপত্য বিস্তাৰ কৰা ট্ৰাম্পৰ সৈতে মোদীৰ বহুলভাৱে প্ৰচাৰিত “ব্ৰমেন্স হয়তো শেষ পৰ্যায়ত উপনীত হৈছে।

২০১৮ চনৰ এপ্ৰিলৰ পৰা ২০১৯ চনৰ ছেপ্টেম্বৰ মাহলৈকে ট্ৰাম্পৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা বোল্টনে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ বৈদেশিক নীতিৰ দৃষ্টিভংগীৰ ওপৰত নিজৰ মতামত প্ৰায়ে বিস্তাৰ কৰি আহিছে। আগষ্ট মাহত ট্ৰাম্পে নিযুক্তি দিয়া এফ বি আইৰ সঞ্চালক কাছ পেটেলৰ নিৰ্দেশত ফেডাৰেল এজেণ্টে বোল্টনৰ ঘৰত অভিযান চলাইছিল।

বোল্টনে ব্ৰিটেইনৰ কেইৰ ষ্টাৰমাৰকে ধৰি আন নেতাসকলকো সকীয়াই দি কয় যে, “ট্ৰাম্পৰ সৈতে ব্যক্তিগতভাৱে শক্তিশালী সম্পৰ্কই হয়তো সাময়িক সুবিধা প্ৰদান কৰিব পাৰে, কিন্তু শেষত ই আপোনাক তেওঁৰ সিদ্ধান্ত গ্ৰহণৰ আটাইতকৈ বেয়া পৰিস্থিতিৰ পৰা ৰক্ষা নকৰে।

Related News