NORTHEAST NOW (Assamese)
অসম

লোকসভা নিৰ্বাচনৰ ফলাফল : এয়া মোদীৰ বাবে সম্ভৱ হ’ল বুলি ক’লে মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: এন ই নাও নিউজ May 23, 2019 6:48 pm
Assam CM Sonowal greets people on Eid-Ul-Fitr

লোকসভা নিৰ্বাচন ২০১৯’ৰ ফলাফলত এনডিএই ৫৪২ খন আসনৰ ভিতৰত ৩৩৯ খন আসনত অগ্ৰগতি লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰাটো নিশ্চিত হৈ পৰাৰ পাছত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদৰী কৰিছে যে ‘এই ভোট প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে হৈছে।‘

বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহতকৈ বিজেপিৰ ব্যাপক অগ্ৰগতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সোণোৱালে তেওঁৰ টুইটাৰত প্ৰকাশ কৰিছে : ‘’এই ভোট প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে  হৈছে।‘’

‘’মোদী ঢৌ’’ৰ বাবে বিজয়ৰ ধাৰা সম্ভৱ হোৱাৰ কথা প্ৰকাশ কৰি সোণোৱালে টুইট কৰিছে : ‘’এয়া অভূতপূৰ্ব। আমাৰ নিৰ্বাচনী ইতিহাসত আগতে কেতিয়াও ঘটা নাই, এগৰাকী মহান নেতাৰ সপক্ষে বলা এক ঢৌৱে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক নিৰ্বাচনৰ ফলাফল নিশ্চিত কৰিছে।‘’

মুখ্য মন্ত্ৰীগাৰীকয়ে লগতে বিজয়ৰ এই ধাৰাৰ বাবে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো অভিনন্দন জনায়।

সোণোৱালে টুইট কৰিছে : ‘’মি অমিত শ্বাহজীক এই বিশাল বিজয়ৰ বাবে অভিনন্দন জনাইছো।‘’

অমিত শ্বাহৰ পৰিকল্পনা, ৰণ কৌশল আৰু কঠোৰ পৰিশ্ৰমে লোকসভা নিৰ্বাচনত দলটোৰ বিজয় সাৱ্যস্ত সহায় কৰাৰ কথা প্ৰকাশ কৰি মুখ্য মন্ত্ৰী সোণোৱালে টুইট কৰিছে : ‘’শ্বাহ’ৰ … অতি সতৰ্কী পৰিকল্পনা, প্ৰচাৰ কৌশল আৰু সাংঘাতিক পৰিশ্ৰমে বিজেপিক ইয়াৰ সমৰ্থন ধৰি ৰখাৰ লগতে নতুন নতুন অঞ্চলতো দলক ব্যাপকভাৱে সম্প্ৰসাৰিত কৰিছে।