NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকত জে পি নড্ডাক কাৰ্য্যকৰী সভাপতি নিৰ্বাচিত, টুইটাৰত হিমন্তৰ শুভেচ্ছা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2019 10:40 pm
JP-Nadda

আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যকৰী সভাপতিৰ দায়িত্বভাৰ অৰ্পন কৰা হয়।

নড্ডাক ছমাহৰ বাবে কাৰ্য্যকৰী সভাপতিৰূপে নিৰ্বাচিত কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহক পুনৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে নিৰ্বাচিত কৰা হয়।

আগন্তুক, হাৰিয়ানা, মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অনুমান কৰা হৈছে।

জেপি নড্ডাক বিজেপিৰ সংসদীয় সমিতিয়ে ৰাষ্ট্ৰীয় সভাপতিৰূপে নিৰ্বাচিত কৰাৰ পাছত অসমৰ স্বাস্থ্য আৰু গড়কপ্তানি মন্ত্ৰী তথা নেডাৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে নড্ডাক শুভেচ্ছা জ্ঞাপন কৰে।

শৰ্মাই টুইটাৰত নড্ডাক এগৰাকী ভদ্ৰ, দক্ষ আৰু সক্ষম ব্যক্তি হিচাপে উল্লেখ কৰি দলৰ সংসদীয় সমিতিয়ে কাৰ্য্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ বৈঠকত প্ৰধান মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰী, বিজেপিৰ জেষ্ঠ নেত্ৰী সুষমা স্বৰাজ, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানকে ধৰি বিজেপিৰ আগশাৰীৰ নেতাসকল উপস্থিত থাকে।