৭৯নং জাগীৰোড বিধানসভা সমষ্টিত ‘ৰাইজৰ দল’ৰ সমষ্টি সমিতি গঠন
অসমৰ ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ আত্মপ্ৰকাশ হোৱা ‘ৰাইজৰ দলৰ’ ৭৯নং জাগীৰোড বিধানসভা সমষ্টিটোত আজি সমষ্টি সমিতি গঠন কৰা হয়।
এই উপলক্ষ্যে দলটোৰ ৰাজ্যিক আহ্বায়ক ৰত্নেশ্বৰ দেউৰীৰ সঞ্চালনাত জাগীভকতগাঁও সমূহীয়া ভৱন প্ৰাংগনত আয়োজিত হোৱা সভাত অংশ গ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনলৈ ৰাইজৰ দলটো অধিক শক্তিশালী কৰাৰ বাবে উদাক্ত ভাষণ আগবঢ়ায়।
ইয়াৰ উপৰি ৰাজ্যিক সমন্বয়ক প্ৰদীপ বৰুৱা, জাগীৰোড সমষ্টি সমিতিৰ আহ্বায়ক ৰাতুল হাজৰিকা আৰু জিলা সমন্বয়ক তুলসী ডেকাইও বিজেপিক সমালোচনা কৰি ভাষণ দিয়ে।
পৰিবৰ্তনৰ নামত শাসকীয় গেৰুৱা দলটোৱে শেহতীয়াকৈ লোৱা কেতবোৰ জনবিৰোধী নীতিক তীৰ্যক তথা ক্ষুৰধাৰ সমালোচনা কৰি অনাগত সময়ত বিজেপিক ওফৰাই ৰাইজৰ দলক জনাদেশ দিবলৈ ৰাইজলৈ আহ্বান জনায়।
সভাত আব্দুল খালেকক কাৰ্যকৰী সভাপতি, কংকন ডেকা, কমল শইকীয়া, সোমেশ্বৰ ডেকা আৰু নৰেন বৰদলৈক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমষ্টি সমিতি গঠন কৰা হয়।
উল্লেখ্য যে, সভাত জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ সহস্ৰাধিক দলীয় নেতা-কৰ্মী উপস্থিত থাকে।