NORTHEAST NOW (Assamese)
অসম

জাগুনত ৫ চোৰাং কাঠ সৰবৰাহকাৰীসহ ডি আই গাড়ী আৰু কাঠ কটা মেচিন জব্দ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 5, 2020 7:36 pm
index.jpgkl

ডিগবৈ বন সংমণ্ডলৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত দহ মাইল ৱাৰা গাঁৱত শুকুৰবাৰে পুৱতি নিশা বন বিভাগে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় পাঁচ চোৰাং কাঠ সৰবৰাহকাৰীৰ লগতে এটা হস্ত চালিত কাঠ কটা মেচিনসহ এখন কাঠভৰ্তি ডি আই গাড়ী।

ধৃত চোৰাং কাঠ বেপাৰীকেইজন ক্ৰমে জাগুন অঞ্চলৰ ৰাজা পেগু, সুভাষ চাঙ্কুৰাং, ৰাজ পেগু, ঔম প্ৰকাশ পাদুন আৰু দিলীপ পাদুন বুলি জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোঁ‌হাইয়ে জানিবলৈ দিয়ে।

এই অভিযান কালত প্ৰায় ২৫ চেফটি কাঠ জব্দ কৰা হয়। গ্ৰেপ্তাৰ কৰা চোৰাং বেপাৰী কেইজনক বন বিভাগে মাৰ্ঘেৰিটা ন্যায়িক আদালত হাজিৰ কৰি আজি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।

দীৰ্ঘদিন ধৰি জাগুন আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বিভিন্ন সংৰক্ষিত বনাঞ্চল সমূহত চলি থকা মূল্যবান গছ সমূহ একাংশ চোৰাং বেপাৰীয়ে ধাৰাবাহিক সৰবৰাহ কৰি অহাৰ সময়তে এইদৰে ৫ জন চোৰাং কাঠ সৰবৰাহকাৰী বন বিভাগে গ্ৰেপ্তাৰ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

অন্যহাতে জাগুন আঞ্চলিক বন বিষয়া পদুম বৰপাত্ৰ গোঁ‌হাইয়ে সংবাদ মাধ্যমৰ আগত আজি কয় যে বন ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান অব্যাহত থাকিব।