NORTHEAST NOW (Assamese)
অসম

আশ্বৰ্য: ক’ৰ’ণাৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ বিমানৰ সকলো টিকট অকলেই ক্ৰয় কৰিলে এইজন লোকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 8, 2021 4:11 pm
richard-muljadi-shalvy

বিশ্বজুৰি এতিয়া ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনকলৈ জনসাধাৰণ ত্ৰাসিত হৈ পৰিছে।

কোভিড-১৯তকৈয়ো বেছি ভয়াৱহ হিচাবে প্ৰমাণিত হোৱা কোভিডৰ নতুন ষ্ট্ৰেইন ৰোধ কৰিবলৈ দেশে দেশে এতিয়া ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে।

এনে সময়তে বিমানত ক’ৰ’ণাৰ সংক্ৰমণৰ পৰা বাচি থাকিবলৈ এজন লোকে অকলেই এখন বিমানৰ সকলো টিকট ক্ৰয় কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Socialite-says

ইণ্ডোনেছিয়াৰ জাকাৰ্টা নিবাসী ৰিচাৰ্ড মুলজাদি নামৰ লোক জনে তেওঁৰ পত্নীৰ সৈতে বালিলৈ যোৱাৰ বাবে অকলেই বিমান এখনৰ সকলো টিকট ক্ৰয় কৰিছে।

জাকাৰ্টাৰ পৰা বালিলৈ যোৱা বাটিক এয়াৰ নামৰ বিমান পৰিবহন সংস্থাৰ বিমান খনৰ সকলো টিকট অকলে ক্ৰয় কৰি লোকজনে সংক্ৰমণ ৰোধৰ বিষয়টোত নিশ্চিত হ’ব বিচাৰিছে বুলি তেওঁৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে।

ইনষ্টাগ্ৰামত মুলজাদিয়ে এইবুলি লিখিছে যে বিমানত তেওঁলোক দুজনেই ভ্ৰমণ কৰিব বিচাৰিছিল।

ব্যক্তিগত ভাবে বিমান এখন ভাড়া কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহয় বুলি মন্তব্য কৰি মুলজাদিয়ে কৈছে যে বিমানৰ সকলো টিকট কিনি পেলোৱাটোৱেই তেওঁৰ বাবে কম খৰচৰ বিষয় হ’ব বুলি ভাবিলে আৰু সেই মতে সকলো টিকট কিনিও পেলালে।