NORTHEAST NOW (Assamese)
Popular Stories

কোভিড-১৯ৰ বাবে পুনৰ বন্ধ হ’ব পাৰে দিল্লীৰ জামা মছজিদ : শ্বাহী ইমাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 3:39 pm

দিল্লীত কোভিড-১৯ৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কিছুদিনৰ বাবে বন্ধ কৰি দিয়া হ’ব পাৰে পুৰণি দিল্লীস্থিত বিখ্যাত জামা মছজিদ।

আজি জামা মছজিদৰ শ্বাহী ইমাম ছৈয়দ আহমেদ বুখাৰিয়ে এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে দেশজোৰা লকডাউনৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা বন্ধ হৈ থকাৰ পিছত দুদিন পূৰ্বেহে মছজিদটোৰ দুৱাৰ সাধাৰণ লোকৰ বাবে খোলা হৈছিল।

কোভিড-১৯ আক্ৰান্ত হোৱাৰ ফলত যোৱা ২০ ধৰি বুখাৰিৰ ব্যক্তিগত সহকাৰী হিচাপে থকা আমানুল্লাহ (৫৭)-এ মঙলবাৰে নিশা মৃত্যুক সাবটি লয়।

সংবাদ মাধ্যমক বুখাৰিয়ে জনোৱা মতে কোভিড পজিটিভ ধৰা পৰাৰ পিছত আমানুল্লাহক যোৱা ৩ জুনত দিল্লীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ পিছতে মঙলবাৰে নিশা মছজিদটো খোলা সম্পৰ্কত ৰাইজৰ পৰা মতামত বিচৰা হৈছিল আৰু অধিক লোকেই কোভিড-১৯ মহামাৰী আঁতৰ নোহোৱা পৰ্যন্ত মছজিদটো বন্ধ ৰখা উচিত বুলি কয়।