NORTHEAST NOW (Assamese)
Popular Stories

উচ্চ বৰ্ণৰ যুৱতীৰে প্ৰেম কৰাৰ অপৰাধত ৰ’ড আৰু পাথৰেৰে প্ৰহাৰ কৰি দলিত যুৱকক হত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 4:31 pm
image

উচ্চ বৰ্ণৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেম কৰাৰ অপৰাধত এজন দলিত যুৱকক নৃশংসভাৱে প্ৰহাৰ কৰি হত্যা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে।

ৰ’ড আৰু পাথৰেৰে বৰ্বৰতাৰে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত যুৱকজন চিকিৎসালয়ত মৃত্যু ঘটে।

মৃত দলিত যুৱকজন নামৰ বিৰাজ বিলাস জগতপ(২০)।

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ সদাগৰ এলেকাত।

ইতিমধ্যে মৃত যুৱকজনৰ জবানবন্দিৰ ভিত্তিত ছজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্ত ছজনৰ মাজত দুজন নাবালকো আছে বুলি জনাইছে আৰক্ষীয়ে।

ঘটনাৰ বিৱৰণীৰ মতে, বিৰাজ নামৰ ২০ বছৰীয়া দলিত যুৱকজনৰ এগৰাকী উচ্চ বৰ্ণৰ যুৱতীৰে প্ৰেমৰ সম্পৰ্ক আছিল। বিৰাজ দলিত সম্প্ৰদায়ৰ বাবে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে এই সম্পৰ্কত আপত্তি কৰিছিল।

বিৰাজে মৃত্যুৰ পূৰ্বে আৰক্ষীক দিয়া জবানবন্দিৰ মতে যোৱা ৭ মে’ ৰাতি ৯ বজাত যুৱতীগৰাকীৰ পৰিয়ালে বিৰাজক তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কে কথা পাতিবলৈ ফোন কৰি মাতে।

বিৰাজে প্ৰেমিকাৰ ঘৰলৈ যায় আৰু প্ৰেমিকাৰ পৰিয়ালৰ লোকে তেওঁক নিম্ন বৰ্ণৰ হোৱাৰ বাবে অপমান কৰে।

বিৰাজে নিজৰ বাইকেৰে ঘৰলৈ আহিবলৈ লওঁতে প্ৰেমিকাৰ পৰিয়ালৰ লোকে তেওঁক আক্ৰমণ কৰে।

বিৰাজৰ ভাতৃয়ে কয়, ‘আমাৰ ভাইটো অতি সাধাৰণ আছিল। সেইদিনা ৰাতি সি ঘৰলৈ উভতি আহিবলৈ লওঁতে টেম্পোৰে তাৰ বাইকত খুন্দা মাৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। সি ৰাস্তাত পৰি যায় আৰু তাৰ পিছত ৰ’ড আৰু পাথৰেৰে তাৰ ওপৰত আক্ৰমণ কৰে।’

ইতিমধ্যে দলিত যুৱক বিৰাজৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত পিম্পাৰী চিনচায়দ থানাত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

ইয়াৰ পিছতে আৰক্ষীয়ে যুৱতীগৰাকীৰ পিতৃসহ মুঠ ছজন লোকক গ্ৰেপ্তাৰ কৰে।

শ্ৰীধৰ নামৰ স্থানীয় আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে যুৱতীগৰাকীৰ পিতৃক বিৰাজে প্ৰহাৰ নকিৰবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল যদিও তেওঁ আক্ৰমণ কৰিবলৈ এৰা নাছিল, বৰং মাটিত পৰি থকা আহত বিৰাজৰ মুখত জাতত ধৰি থুৱাইহে দিছিল।