NORTHEAST NOW (Assamese)
Popular Stories

ব’ণ্ডৰ ‘ন’ টাইমছ টু ডাই’ৰ সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2020 3:12 pm
2

অতি শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জেমছ ব’ণ্ড ছিৰিছৰ নৱতম ছবি।

ডেনিয়েল  ক্ৰেইগে অভিনয় কৰা ব’ণ্ড  ছিৰিছৰ এইখন দ্বিতীয় ছবি।

ইয়াৰ পূৰ্বে ক্ৰেইগে ব’ণ্ড ছিৰিজৰ ‘কেচিন’ ৰয়েল'(২০০৬) ছবিখনত অভিনয় কৰিছিল।

ছবিখনৰ নাম হ’ল ‘ন টাইমছ টু ডাই’। ডেনিয়েল ক্ৰেইগে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন প্ৰচাৰ গোটেই বিশ্বতে চলোৱা দেখা গৈছে।

কেৰী জুজি ফুকুনাগাই পৰিচালনা কৰা ২৫০ এউ এছ বিলিয়ন ডলাৰৰ ব্যয়েৰে নিৰ্মিত টাইম টু ডাই ছবিখন অহা ৩ এপ্ৰিলত বৃটেইনত মুক্তি দিয়াৰ কথা।

এজন আমেৰিকান চোৰাংচোৱাকলৈ নিৰ্মাণ কৰা হৈছে ব’ণ্ড চিৰিছজৰ ছবিবোৰ। ব’ণ্ড নামৰ আমেৰিকান চোৱাংচোৰা এজনক মুখ্য চৰিত্ৰ কৰি ব’ণ্ড ছিৰিজৰ ছবিবোৰ নিৰ্মাণ কৰি অহা হৈছে, যিবোৰে গোটেই বিশ্বৰে চ্চলচিত্ৰমোদীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য ব’ণ্ড ছিৰিজে ইতিমধ্যে সোণালী জয়ন্তী অতিক্ৰম কৰিছে।

ইফালে যোৱা ৪ ডিচেম্বৰত ছবিখনৰ টীজাৰ মুকলি কৰা হৈছিল আৰু প্ৰায় ১৪ মিলিয়ন লোকে ইউ টিউবত প্ৰত্যক্ষ কৰিছে এই টীজাৰ।

ইতি পূৰ্বে ডেনিয়েল ক্ৰেইগে ব’ণ্ড চিৰিজৰ ‘কেচিনো ৰয়েল’ত (২০০৬) অভিনয় কৰিছিল।

ব’ণ্ডৰ প্ৰথম ছবিখন আছিল ‘গ’ল্ডফিংগাৰ’(১৯৬৪)। পৰৱৰ্তী ছবিবোৰ আছিল ক্ৰমে ‘থাণ্ডাৰবল’ (১৯৬৫),‘ইউ অনলি লাইভ টুৱাইছ’ (১৯৬৭), ‘অন হাৰ মেজাষ্টি’ছ ছিক্ৰেট ছাৰ্ভিছ’ (১৯৬৯), ‘লাইভ এণ্ড লেট ডাই’ (১৯৭৩), ‘দ্য স্পাই হু লাভ মি’(১৯৭৭), ‘দ্য লিভিং ডেলাইথছ’(১৯৮৭), ‘গ’ল্ডেন আই’(১৯৯৫), আৰু ‘কেচিন’ ৰয়েল’(২০০৬)।