NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰৰ বাৰামুলাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিলে ৱেবচাইট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 22, 2020 11:26 am

ক’ৰ’না মহামাৰীৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ৰ বাবে জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকে বিদ্যালয়খনৰ এটা ৱেবচাইট প্ৰস্তুত কৰি উলিয়াইছে।

বাৰামুলাৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষক আজিজ শ্বেইখে ৱেবচাইটো নিৰ্মাণ কৰি উলিয়াইছে।

” বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ইনফৰমেশ্যন টেকন’লোজি সম্পৰ্কে কম বয়সতে জানিবলৈ পাব,” আজিজ শ্বেইখে ৱেবচাইটো মুকলি কৰাৰ পাছত এইদৰে সংবাদ মাধ্যমৰ আগত কয়।

বিদ্যালয়ৰ ৱেবচাইটো বিকাশ কৰাৰ সময়ত আজিজে অঞ্চলোটত উপলব্ধ হোৱা ২ জি ইণ্টাৰনেট ব্যৱহাৰ কৰিয়ে সকলো ধৰণৰ কাম কৰিছে বুলিও লগতে সদৰী কৰে।

জম্মু-কাশ্মীৰৰ বাৰামুলাৰ দৰে এখন সন্ত্ৰাসবাদীয়ে দপদপাই থকা জিলাত এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষকে এনেদৰে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৱেবচাইট নিৰ্মাণ কৰা কথাই সকলোকে উদ্বুদ্ধ কৰি তুলিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে জম্মু-কাশ্মীৰৰ বিদ্যালয় সমূহো বন্ধ হৈ আছে।