NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰত এতিয়াৰে পৰা উত্তৰ-পূবৰ আৰ্হিৰে উন্নয়ন হ’ব : গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 4, 2019 7:25 pm
Jitendra Sing

‘এক দেশ এখন সংবিধান হোৱাটো সকলোৱে বিচাৰে। জন্মু-কাশ্মীৰৰ বৰ্তমানৰ অৱস্থা স্বাভাৱিক’- গুৱাহাটীৰ দিচপুৰস্থিত গড়কপ্তানী বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত এই মন্তব্য ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ।

উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় প্ৰমুখ সকলৰ প্ৰশিক্ষণৰ পাছতে সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

আনহাতে, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ উঠাই দিয়াৰ পাছত দেশজুৰি কিছুমানে অপ-প্ৰচাৰ চলাই আছে বুলি সিঙে মন্তব্য কৰি সকলোকে এনেধৰণৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনায়।

সিঙৰ মতে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰে সমগ্ৰ দেশক লাভাম্বিত কৰিব।

‘‘জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ থকাটোৱেই ৰাজ্যখনত সন্ত্ৰাসবাদীয়ে ঘাটি পতাৰ মূল কাৰণ আছিল। ৩৭০ ৰ সুযোগ লৈ কাশ্মীৰত পাকিস্তানে সন্ত্ৰাসবাদী কাম-কাজ চলাই আহিছিল’’-সিঙৰ মন্তব্য।

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পাছত এতিয়া সন্ত্ৰাসবাদীৰ উপদ্ৰৱ হ্ৰাস পাব বুলিও সংবাদমেলত ড’নাৰ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ লগতে বিগত পাঁচবছৰত প্ৰধান মন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে।

তদুপৰি, উন্নয়নৰ ক্ষেত্ৰত জন্মু কাশ্মীৰে এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্হি গ্ৰহণ কৰিব বুলি সদৰি কৰি সিঙে লগতে বিগত ৫ বছৰে উত্তৰ-পূৱৰ বাবে মোদী চৰকাৰে বহুখিনি আন্তঃগাঁথনি নিৰ্মাণ তথা উন্নয়নমূলক কাম কৰিছে বুলি কয়।

তেওঁ বিজেপি নেতৃত্বাধীন চৰকাৰে অৰুণাচল আৰু মিজোৰামত বিমানবন্দৰ, ৰেইলসেৱা আদিৰ প্ৰসাৰ ঘটাইছে।

এতিয়াৰে পৰা বিভিন্ন ক্ষেত্ৰত জন্মু-কাশ্মীৰতো কেন্দ্ৰীয় চৰকাৰে উন্নয়নমূলক আঁচনি বা কাম হাতত ল’ব।ৰাজ্যখনত উদ্যান শস্যকে ধৰি কৃষি ক্ষেত্ৰৰো বিকাশ সাধন কৰা হ’ব বুলিও তেওঁ কয়।

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অধিক মনোনিবেশ কৰাৰো আশ্বাস প্ৰদান কৰে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে।

‘উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমুহকে ধৰি লাদাখ, জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশত অৰ্থনৈতিক নৱ-জাগৰণ আনিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা যুগুত কৰিছে বুলিও সিঙে কয়।

উল্লেখযোগ্য যে,  উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে ৩৭১ অনুচ্ছেদক লৈ সংকিত হোৱাৰ কাৰণ নাই  বুলি মন্তব্য কৰি সিঙে ৩৭০ আৰু ৩৭১ অনুচ্ছেদৰ মাজত কোনোধৰণৰ মিল নাই বুলি কোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত সুকীয়া সংবিধানৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰে।