NORTHEAST NOW (Assamese)
অসম

চাইনীজ কোম্পেনীক বিদায় টীম ইণ্ডিয়াৰ; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেখা যাব নতুন জাৰ্চিৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2019 6:51 pm
Indin cricket team

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ঘৰুৱা ক্ৰিকেট শৃংখলাত নতুন জাৰ্চিৰে সৈতে দেখা যাব বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াক।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে অপো (OPPO)ৰ পৰিৱৰ্তে নতুন বাইজুচ ( BYJU’s)ৰ জাৰ্চি পৰিধান কৰি খেল পথাৰত নামিব।

উৎস-ইণ্টাৰনেট

ভাৰতীয় দলৰ সৈতে চাইনীজ স্মাৰ্ট ফোন নিৰ্মাতা প্ৰতিষ্ঠান অপোৰ চুক্তি সমাপ্ত হোৱাৰ পাছতে বি চি চি আইৰ সৈতে বাংগালুৰুস্থিত লাৰ্নিং এপ বাইজুচে চুক্তি সম্পাদন কৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলটো ৪ ছেপ্তেম্বৰত ঘোষণা কৰাৰ কথা আছিল যদিও নতুন প্ৰতিষ্ঠানটোৱে জাৰ্চি প্ৰস্তুত কৰোতে সময় লোৱাৰ কথা বিবেচনা কৰিয়ে ২৯ আগষ্টত ভাৰতীয় দলটো আগতীয়াকৈ ঘোষণা কৰে।

ভাৰতে ১৫ ছেপ্তেম্বত ধৰমশালাত, ১৮ ছেপ্তেম্বৰত মোহালিত আৰু ২২ ছেপ্তেম্বৰত বাংগালুৰুত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টি-২০ খেলত অংশ ল’ব।

১৫ ছেপ্তম্বৰৰ পৰা ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিত চাইনীজ অপোৰ পৰিৱৰ্তে দেশীয় বাইজুচৰ লগোৱে ভুমুকি মাৰিব।