NORTHEAST NOW (Assamese)

১২ টা আম বিক্ৰী কৰি এগৰাকী ছাত্ৰীয়ে পালে ১.২ লাখ টকা! কিন্তু কেনেকৈ?

June 27, 2021 9:15 pm · এন ই নাও নিউজ
Updated: June 27, 2021 9:18 pm

এতিয়া ফলৰ ৰজা আমৰ বতৰ। দেশৰ বজাৰে বজাৰে ভৰি পৰিছে নানা তৰহৰ আমেৰে। অসমতে এক কিলোগ্ৰাম আমৰ মূল্য প্ৰায় ৮০-৯০টকা।

ক’ৰৱাত ৪০-৫০ টকাতো আম পোৱা যায়। কিন্তু ১২ টা আমৰ মূল্য যদি ১ লাখ ২০ হাজাৰ টকা হয় তেন্তে সেয়া নিশ্চয়কৈ আচৰিত হ’বলগীয়া কথাই হ’ব।

সাধু কথাৰ কাহিনী যেন লগা এই ঘটনাটো সংঘটিত হৈছে জামছেদপুৰত।

জামছেদপুৰৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তুলসী কুমাৰীৰ পৰা ১২টা আম ১.২ লাখ টকাৰে কিনি লৈছে মুম্বাইৰ ব্যৱসায়ী আমেয়া হিতে।
কিন্তু ব্যৱসায়ী জনে কিয় বাৰু প্ৰতিটো আমৰ দাম ১০ হাজাৰ টকাকৈ দিলে?

দৰাচলতে অতি দুখীয়া পৰিয়ালৰ সন্তান তুলসীয়ে এটা স্মাৰ্টফোনৰ অভাৱত অনলাইন ক্লাছ কৰিব পৰা নাছিল।

ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবেই তুলসীয়ে বজাৰত কেইটামান আম লৈ বিক্ৰীৰ বাবে বহিছিল।

সেই সময়তে মুম্বাইৰ ব্যৱসায়ী জনে তুলসীয়ে বিকিবলৈ অনা আটাইকেইটা আম অৰ্থাৎ ১২ টা আমেই ১.২ লাখ টকাৰে কিনি লয়।

তুলসীৰ আৰ্থিক অৱস্থাৰ বাবেই তেওঁ স্মাৰ্ট ফোন এটা কিনিব নোৱাৰা আৰু সেইবাবেই অনলাইন ক্লাছ কৰিব নোৱাৰাৰ কথা স্থানীয় এটা টিভি চেনেল এটাই সম্প্ৰচাৰ কৰিছিল। সেই বাতৰি চায়েই ব্যৱসায়ীজনে ছাত্ৰীগৰাকীক সহায় কৰাৰ কথা ভাবিছিল।

এনেয়ে ধন দিয়াটো ভাল কথা নহ’ব বুলি ভাবিয়েই ব্যৱসায়ী জনে তুলসীৰ পৰা ১.২ লাখ টকাৰে আম কেইটা কিনি লয়।

ফলত স্মাৰ্ট ফোন কিনাৰেই ন’হয়, আন বহু অভাৱ পূৰণ কৰাৰো সুবিধা পালে ছাত্ৰীগৰাকীয়ে।

এই প্ৰসংগত ব্যৱসায়ী আমেয়া হিতে কয় যে ছাত্ৰীগৰাকীৰ উপকাৰ হওঁক বুলিয়েই তেওঁ আম কেইটা ১.২ লাখ টকাৰে কিনিছে।

Related News