NORTHEAST NOW (Assamese)
Popular Stories

নৃতত্ববিদ, চিম্পাঞ্জী বিশেষজ্ঞ জেন গুডলৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2025 1:01 pm

সৰুৰে পৰা বান্দৰ, চিম্পাঞ্জীৰ প্ৰতি থকা ভালপোৱা আৰু কৌতুহলক পৰিৱেশ সুৰক্ষাৰ বাবে উৎসৰ্গা কৰা বিজ্ঞানী তথা পৰিবেশ কৰ্মী জেন গুডলৰ বুধবাৰে (১ অক্টোবৰ) ৯১ বছৰ বয়সত মৃত্যু হয়।

জেন গুডল ইনষ্টিটিউটে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টত উল্লেখ কৰা অনুসৰি বাৰ্ধক্যজনিত কাৰণত ডাঃ গুডলৰ ১ অক্টোবৰত মৃত্যু হয়।

বিবৃতিটোত কোৱা হৈছে যে, ‘এজন নৃতাত্বিক আৰু পৰিবেশবিদ হিচাপে ডাঃ গুডলৰ আৱিষ্কাৰে বিজ্ঞান আৰু পৰিবেশৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। তেওঁ আমাৰ প্ৰকৃতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ এগৰাকী অক্লান্ত যুজাঁৰু আছিল।

প্ৰাইমেটলজিষ্ট(প্ৰাইমেট অৰ্থাৎ বান্দৰ আৰু মানৱ প্ৰজাতিৰ বুদ্ধিমান স্তন্যপায়ী প্ৰাণীৰ ওপৰত বৈজ্ঞানিক গৱেষণা আৰু অধ্যয়ন কৰা বিশেষজ্ঞ)ৰ পৰা সংৰক্ষণবিদলৈ পৰিণত হোৱা এইগৰাকী মহিলাই বন্যপ্ৰাণীৰ প্ৰতি থকা প্ৰেমক ইংলেণ্ডৰ পৰা আফ্ৰিকালৈকে বিয়পাই দিছিল। তাৰ পাছত সমগ্ৰ বিশ্বক চিম্পাঞ্জীৰ আচৰণ বুজি পোৱাত সহায় কৰাৰ লগতে প্ৰজাতিটোৰ বাসস্থান আৰু চিম্পাঞ্জীক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মানুহৰ কৰিবলগীয়া সন্দৰ্ভত সজাগ কৰিছিল।

ঊনৈশ শ ষাঠি চনত ডাঃ গুডলে মহিলা বিজ্ঞানী হিচাপে প্ৰাইমেটৰ আচৰণ অধ্যয়ন কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। প্ৰয়াত ডায়েন ফছিকে ধৰি আন কেইবাগৰাকীও মহিলা বিজ্ঞানীৰ বাবে এনেধৰণৰ অধ্যয়নৰ বাট ডাঃ গুডলেই নিজৰ অধ্যয়নৰ দ্বাৰা মোকলাই দিছিল।

নেচনেল জিঅগ্ৰাফিক ছচাইটিৰ সহযোগিতাত ছবি, টিভি আৰু আলোচনীৰ সহায়ত ডাঃ গুডলৰ প্ৰিয় চিম্পাঞ্জীবোৰক মানুহে কিদৰে আকোঁৱালি ল’ব তথা সিহঁতৰ সৈতে কিদৰে সহাৱস্থান কৰিব লাগে সেই বিষয়েও বুজাই দিছিল।

গুডলে সেই সময়ৰ প্ৰচলিত বৈজ্ঞানিক নীতি-নিয়ম উলংঘা কৰি চিম্পাঞ্জীক সংখ্যাৰ দ্বাৰা চিনাক্ত কৰাৰ পৰিৱৰ্তে প্ৰত্যেককে নামকৰণ কৰিছিল। সিহঁতৰ সুকীয়া ব্যক্তিত্ব নিৰীক্ষণ কৰিছিল আৰু প্ৰজাতিটোৰ পাৰিবাৰিক সম্পৰ্ক তথা আৱেগক অধ্যয়ন কৰিছিল। গুডলে এইটোও নিৰীক্ষণ কৰিছিল যে মানুহৰ দৰেই সিহঁতেও নিজৰ জীৱনত বিভিন্ন প্ৰাকৃতিক সঁজুলি ব্যৱহাৰ কৰে।

বিজ্ঞানৰ ক্ৰমবিকাশৰ লগে লগে তেওঁ প্ৰাইমেটলজীৰ পৰা জলবায়ু অধ্যয়নৰ দিশটোত মনোনিৱেশ কৰিছিল। ডাঃ গুডলে অৰণ্যৰ ধ্বংসলীলাৰ বিৰোধিতাৰে জলবায়ু পৰিৱৰ্তনৰ ওপৰত বিশ্ববাসীক দ্ৰুত আৰু জৰুৰী ব্যৱস্থা লবলৈ আহ্বান জনাইছিল।

দুহেজাৰ তিনি চনত ডাঃ গুডলক ব্ৰিটিছ সাম্ৰাজ্যৰ ডেম হিচাপে নিযুক্তি দিয়া হয় আৰু ২০২৫ চনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা ‘মেডেল অৱ ফ্ৰীডম’ লাভ কৰে।

এইগৰাকী প্ৰতিথযশা জীৱবিজ্ঞানীৰ মৃত্যুত বিশ্বজুৰি বিজ্ঞানপ্ৰেমীসকলৰ মাজত শোকৰ ছাঁ পৰিছে।