NORTHEAST NOW (Assamese)
দেশ

শাস্ত্ৰীয় সংগীতৰ বিশাৰদ পদ্মশ্ৰী ছন্নুলাল মিশ্ৰৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2025 12:15 pm

প্ৰখ্যাত শাস্ত্ৰীয় সংগীতৰ কণ্ঠশিল্পী পদ্ম বিভূষণ ছন্নুলাল মিশ্ৰ আৰু নাই। বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে বিশাৰদ গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।

তেওঁৰ কন্যা নৰ্মাদা মিশ্ৰই সংবাদ মাধ্যমক জনোৱা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত মিৰ্জাপুৰৰ নিজৰ ঘৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

পৰিয়ালৰ লোকে জনোৱা মতে, পণ্ডিত মিশ্ৰৰ অন্তিম অনুষ্ঠান বাৰাণসীত সন্ধিয়া ৫ বজাত সম্পন্ন কৰা হব।

তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জনাই টুইটাৰযোগে লিখিছে, “প্ৰখ্যাত শাস্ত্ৰীয় গায়ক পণ্ডিত ছন্নুলাল মিশ্ৰজীৰ বিয়োগত মই গভীৰভাৱে দুখী। তেওঁ ভাৰতীয় শিল্প-সংস্কৃতিৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। তেওঁ কেৱল শাস্ত্ৰীয় সংগীতক জনসাধাৰণৰ বাবে সুলভ কৰি তোলাই নহয়, ভাৰতীয় পৰম্পৰাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত অমূল্য অৱদান আগবঢ়াইছিল। তেওঁৰ মৰম আৰু আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য।”