NORTHEAST NOW (Assamese)

এটা দ্বীপ: য’ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ, পুৰুষে প্ৰৱেশ কৰিব পাৰে কেৱল উলংগ হৈ

August 13, 2020 2:30 pm · এন ই নাও নিউজ
Updated: August 13, 2020 5:01 pm

ইউনেস্কই স্বীকৃতি দিয়া এটা দ্বীপ।  যিটো দ্বীপৰ কাহিনী বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ মাজত বছৰৰ পিছত বছৰ ধৰি প্ৰচলন হৈ আহিছে।

দ্বীপটোত আজিলৈকে কোনো মহিলাই প্ৰৱেশ কৰি পোৱা নাই।

শ শ বছৰ ধৰি দ্বীপটোত মহিলাৰ প্ৰৱেশ নিষিদ্ধ হৈ আহিছে।

ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ অন্তৰ্ভূক্ত পোৱা এই দ্বীপটোত যিদৰে মহিলাৰ প্ৰৱেশ নিষিদ্ধ ঠিক তেনেদৰে পুৰুষেও দ্বীপটোত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত কেতবোৰ নিয়ম মানি চলিব লগীয়া হয়।

দ্বীপটোত পুৰুষে কেৱল উলংগ হৈহে প্ৰৱেশ কৰিব পাৰে।

ইউনেস্কৰঐতিহ্য ক্ষেত্ৰৰ তালিকাত থকা দ্বীপটো আছে জাপানত।

জাপানৰ মুনাকাটা ফুকুৱকা নামৰ অঞ্চলটোৰ কাষতে থকা অকিন’ছিমা নামৰ এই দ্বীপটোত মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ বাবেই  মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলি বহুতে বিশ্বাস কৰে।

বছৰৰ কেৱল মাত্ৰ এটা দিনতহে পুৰুষে দ্বীপটোত প্ৰৱেশ কৰিব পাৰে।

সেই দিনটো হৈছে প্ৰতি বছৰৰ ২৭ মে’।

১৯০৫ চনৰ পৰা আজিলৈকে দ্বীপটোত প্ৰায় ২০০ জন পুৰুষেহে প্ৰৱেশ কৰিব পাৰিছে।

দ্বীপটোৰ একমাত্ৰ বাসিন্দা হৈছে জাপানৰ ছিণ্টো সম্প্ৰদায়ৰ এজন পুৰোহিত।

তেঁৱেই দ্বীপটোত প্ৰৱেশ কৰা পুৰুষ সকলক শুদ্ধি কৰে।

২০১৭ চনৰ ৯ জুলাইৰ দিনা ইউনেস্কই অকিন’ছিমা দ্বীপটোক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে ঘোষণা কৰে।

দ্বীপটোলৈ যোৱা কোনো লোকে ঘূৰি আহি দ্বীপটোত কি দেখিলে সেয়া প্ৰকাশ কৰিব নোৱাৰে।

Related News