NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে জাপানত ৩১ মে’লৈ বৃদ্ধি জৰুৰীকালীন অৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2020 8:57 pm
ক’ৰ’নাৰ সংক্ৰমণৰ বাবে জাপানত ৩১ মে’লৈ বৃদ্ধি জৰুৰীকালীন অৱস্থা

ক’ৰ’না মহামাৰীৰ বাবে জাপানৰ প্ৰধান মন্ত্ৰী চিনঝো আবে সোমবাৰে ৰাষ্ট্ৰজোৰা জৰুৰীকালীন অৱস্থা ৩১ মে’লৈ বৃদ্ধি কৰে।

‘‘মে’ৰ মাহৰ ভিতৰত আমি এই মহামাৰীৰ অন্ত পেলাব লাগিব আৰু আৰু মে’ মাহৰ ভিতৰতে আমি পৰৱৰ্তী পৰ্যায়ৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব,’’ প্ৰধান মন্ত্ৰী আবে কয়।

জাপানত বৰ্তমানলৈ মুঠ ১৪,৮৭৭ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ৪৮৭ গৰাকী লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২১ লৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে জাপান  চৰকাৰে আৰু আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে।

ভাৰততো ১৭ মে’লৈ সমগ্ৰ দেশত তৃতীয় পৰ্যায়ৰ বাবে ল’কডাউন বৃদ্ধি কৰা হয়।

অৱশ্যে তৃতীয় পৰ্যায়ৰ ল’কডাউনত ভাৰতত গ্ৰীণ জ’নত নীতি-নিৰ্দেশনাৰ মাজতে কিছু পৰিমাণে ৰেহায় দিয়া হ’ব।