NORTHEAST NOW (Assamese)
অসম

অসমৰ ছাত্ৰ-ছাত্ৰীয়ে আৰ এছ এছৰ বিষয়ে জানিব নালাগে নেকি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2019 7:18 pm
Assam students need not know about RSS and it's role in nation building?

ভাৰতৰ স্বাধীনতাৰ দুই দশক পূৰ্বে স্থাপিত ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ আৰু ইয়াৰ ঐতিহাসিক ভূমিকা সম্পৰ্কে অসমৰ পাঠ্যপুঠিত কোনো উল্লেখ নাই।

স্কুলীয়া পাঠ্যপুথি বাদ, কলেজ বা বিশ্ববিদ্যালয় পৰ্য্যায়ৰ বুৰঞ্জী পাঠ্যক্ৰমটো আৰ এছ এছ সম্পৰ্কীয় কোনো পাঠ নাই।

ইয়াৰ বিপৰীতে, ৰাষ্ট্ৰসন্ত তুকাড়জী মহাৰাজ নাগপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক দ্বিতীয় মহলাৰ বুৰঞ্জী পাঠ্যক্ৰমত সংঘৰ বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হৈছে।

স্নাতক মহলাত শেহতীয়াকৈ এই পাঠ সন্নিৱিষ্ট কৰাৰ বিপৰীতে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত ২০০৩-০৪ বৰ্ষৰে পৰা এই সম্পৰ্কীয় পাঠ অন্তৰ্ভুক্ত হৈছে।

ৰাষ্ট্ৰ নিৰ্মাণত আৰ এছ এছৰ ভূমিকা সম্বন্ধে বিশ্ববিদ্যালয়খনৰ স্নাতক (বুৰঞ্জী) পাঠ্যসূচীৰ তৃতীয় অধ্যায়ত বিস্তাৰিতভাৱে লিপিবদ্ধ কৰা হৈছে।

প্ৰথম অধ্যায়ত কংগ্ৰেছ গঠন আৰু জৱাহৰলাল নেহৰুৰ উত্থান আৰু দ্বিতীয় অধ্যায়ত অসহযোগ আন্দোলনৰ পাঠ সন্নিৱিষ্ট কৰা হৈছে।

আৰ এছ এছৰ ভূমিকাক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাক লৈ একাংশই সমালোচনা কৰিছে।

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ শচীন সাৱন্তে টুইট কৰিছে, “নাগপুৰ বিশ্ববিদ্যালয়ে আৰ এছ এছ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ৰেফাৰেন্স ক’ত পাব? ই হৈছে আটাইতকৈ বিভাজনকাৰী শক্তি যি ব্ৰিটিছৰ সৈতে সহযোগিতা কৰিছিল, স্বাধীনতা আন্দোলনৰ বিৰোধিতা কৰিছিল, অপবিত্ৰ বুলি ৫২ বছৰে ত্ৰিৰংগা উত্তোলন কৰা নাছিল, সংবিধানৰ পৰিৱৰ্তে মনুস্মৃতি বিচাৰিছিল, ঘৃণা বিয়পায়।”

কিন্তু বাতৰি মতে, পাঠ্যপুথি যুগুতকাৰী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ নিজৰ সিদ্ধান্তত ৱাকিবহাল।

বুৰঞ্জীৰ “নতুন ট্ৰেণ্ড” সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মাৰ্ক্সবাদ, ন-মাৰ্ক্সবাদ বা আধুনিকতাৰ দৰে নতুন ট্ৰেণ্ডসমূহ বুৰঞ্জীৰ অংশত পৰিণত হৈছে, পাঠ্যক্ৰম প্ৰস্তুতিৰ সৈতে জৰিত এক ঘনিষ্ঠ সূত্ৰৰ মত সম্পৰ্কে বাতৰিত প্ৰকাশ।

লোকমান্য বাল গংগাধৰ তিলকৰ চিন্তাধাৰাকো ভাৰতৰ জাতীয়তাবাদী চিন্তাৰ মাজত বিশ্ববিদ্যালয়খনে সামৰি লৈছে।

আৰ এছ এছ এক সোঁপন্থী, বিশাল স্বেচ্ছাসেৱী সংগঠনৰূপে জনাজাত। শতিকা গৰকিবলৈ আগবঢ়া সংগঠনটো বৰ্তমান ভাৰতৰ শাসক দল বিজেপিৰ অভিভাৱক-সদৃশ বুলি সঘনে উল্লেখিত হয়।

ভাৰতৰ আন প্ৰদেশৰ বিশ্ববিদ্যালয়ৰ এই উদ্যোগৰ সময়ত অসমৰ ছাত্ৰ-ছাত্ৰী ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘ আৰু ইয়াৰ ভূমিকাৰ বিষয়ে অজ্ঞ হৈ ৰ’ব নেকি?

অসমৰ ছাত্ৰ-ছাত্ৰীয়ে আৰ এছ এছৰ বিষয়ে জানিব নালাগে নেকি?