NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত অস্ত্ৰসহ আলফা (স্বা)ৰ সন্দেহযুক্ত লিংকমেন আটক

Posted by: ছাজিদ খান Updated by: ছাজিদ খান July 10, 2019 7:18 pm

ওদালগুৰি জিলাৰ টংলাত সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই যোৱা মঙলবাৰে আলফা (স্বা)ৰ এজন সন্দেহযুক্ত লিংকমেনক আটক কৰে। ধৃত লোকজনক ৰবি বড়ো (৩৪) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত কালি পুৱা টংলা আৰক্ষী থানাৰ অন্তৰ্গত গপচাচুবাৰ বাসিন্দা ৰবি বড়োক নিজ বাসগৃহৰ পৰা অভিযানকাৰী দলটোৱে আটক কৰে।

তেওঁৰ কবলৰ পৰা মেগজিনসহ এটা চীনত নিৰ্মিত .২২ এম এম পিষ্টল আৰু দুই জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

‘সেনাৰ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত তেওঁক অস্ত্ৰ-শস্ত্ৰসহ আটক কৰা হয় আৰু বুধবাৰে টংলা আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰায়।‘ – ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষে নৰ্থ-ইষ্ট নাওক কয়।

আনহাতে এক স্থানীয় সূত্ৰই জনোৱা মতে লোকজন আগতে আলফা (স্বা)ৰ লিংকমেন হিচাপে কাম কৰি আহিছিল যদিও বৰ্তমান তেওঁ সংগঠনটোৰ সৈতে জড়িত হৈ আছেনে সেয়া নিশ্চিত নহয়।