NORTHEAST NOW (Assamese)
অসম

দিব্যাংগ সকলক প্ৰশিক্ষণ প্ৰদানেৰে ব্যতিক্ৰমী পদক্ষেপ ‘তাৰাৱতী ডেভলপমেণ্ট ফাউণ্ডেশ্যন’ৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা July 10, 2019 6:59 pm

ৰাজ্য চৰকাৰৰ ‘অসম দক্ষতা বিকাশ অভিযানৰ’ অধীনত’ ‘তাৰাৱতী ডেভলপমেণ্ট ফাউণ্ডেশ্যন’এ নগাঁও পুৰণিগুদামত বিশেষভাৱে সক্ষম লোকসকলক বাঁহ-বেতেৰে বিভিন্ন সঁজুলি তৈয়াৰ কৰাৰ ওপৰত আজি তিনিমাহ পূৰ্বৰে পৰা প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।

এই উদ্দেশ্যে মঙলবাৰে অৰ্থাৎ ৯ জুলাইত পুৰণিগুদামৰ পাৰঘাটত স্থানীয় সমাজকৰ্মী তথা কীৰ্ত-শিক্ষক হেমকান্ত ডেকাৰ সভাপতিত্বত এক প্ৰদৰ্শনীমূলক সভা অনুষ্ঠিত হয়।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল স্বৰ্ণলিপিৰ সম্পাদক হৃদয়ানন্দ গগৈ সহ শিক্ষয়ত্ৰী তথা অভিনেত্ৰী মেঘালী দেৱীৰ লগতে কেন্দ্ৰটোৰ শাতাধিক বিশেষভাৱে সক্ষম লোক।

সভাত উপস্থিত মেঘালী দেৱীয়ে দিব্যাংগ লোকসকলৰ দ্বাৰা উৎপাদিত সাসজুলি সমূহে এখন উপযুক্ত বজাৰ পাবৰ বাবে দিহা কৰি দিয়াৰ ব্যৱস্থা প্ৰশাসনেও লোৱা উচিত বুলি মন্তব্য কৰে।

আগন্তুক দিনবোৰতো বিশেষভাৱে সক্ষম প্ৰশিক্ষণাৰ্থী সকলক কেন্দ্ৰটোতে ৰাখি প্ৰশিক্ষণ প্ৰদান কৰাৰ পৰিকল্পনা কৰা ‘তাৰাৱতী ডেভেলপমেন্ট ফাউণ্ডেশ্যন’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য তত্তাৱধায়ক ভূপেন গায়নে অতি শীঘ্ৰে কেইবাটাও নতুন বিষয়ৰ ওপৰত পাৰঘাট মজলীয়া বিদ্যালয়খনত সংস্থাপিত কেন্দ্ৰটোত পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

দিব্যাংগ সকলৰ মাজত কৰ্মপ্ৰেৰণা জাগ্ৰত কৰি বৃহত্তৰ নগাঁও জিলাকে প্ৰমুখ্য কৰি নিকটৱৰ্ত্তী বিভিন্ন ঠাইৰ দিব্যাংগ লোক সকলক আৰ্থিকভাৱে স্বাৱলম্বি কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস কৰা বিশেষ সংগঠনটোক এতিয়া সৰ্বত্ৰে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে নগাঁৱৰ পুৰণিগুদামত।