NORTHEAST NOW (Assamese)

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am · এন ই নাও নিউজ, গুৱাহাটী

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয়। এগৰাকী ভাৰতীয় কন্যাৰ সৌজন্যতে আহিল এই সোণৰ পদক। ভাৰতৰ জেচমিন লেম্বৰিয়াই পোলেণ্ডৰ জুলিয়া জেৰেমেটাক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।

২০২৪ চনত পেৰিছ অলিম্পিকত জুলিয়াই ৰূপৰ পদক লাভ কৰিছিল। শনিবাৰে ইংলেণ্ডৰ লিভাৰপুলত ৫৭ কেজি শাখাত জেচমিনে সেই জুলিয়াক ৪-১ স্কোৰৰ ব্যধানত পৰাস্ত কৰিছিল। ভাৰতত তাইৰ হাতৰ দ্বাৰা নতুন ইতিহাসৰ সৃষ্টি হৈছিল।

এই বিজয়ৰ পিছত জেচমিনে অলিম্পিক ডট কমক কয়, ‘এই অনুভৱক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। বিশ্ব চেম্পিয়ন হ’বলৈ পাই মই বহুত আনন্দিত। ২০২৪ চনত পেৰিছত ওলাই যোৱাৰ পিছত মই নিজকে অধিক উন্নত কৰাৰ চেষ্টা কৰিলোঁ। ইয়াৰ বাবে মই বহুত কাম কৰিলোঁ। যোৱা এবছৰত মোৰ কঠোৰ পৰিশ্ৰমৰ ফল পাইছো।’

২০০১ চনৰ ৩০ আগষ্টত হাৰিয়ানাৰ ভিৱানীত জন্ম জেচমিনৰ। পিতৃ জয়বীৰ লেম্বৰিয়াই ঠিকাভিত্তিক হোমগাৰ্ড হিচাপে কাম কৰে। মাতৃ যোগিন্দৰ কৌৰে ঘৰৰ সকলো দায়িত্ব এককভাৱে চম্ভালে। জেচমিনৰ দুগৰাকী ভনীয়েক আছে। সৰু ভনীয়েকগৰাকী ফিজিঅ’থেৰাপিষ্ট।

অৱশ্যে খেলা-ধূলা জেচমিনৰ তেজত আছে। তেওঁৰ আজোককাক হাৱা সিং আছিল হেভিৱেট বক্সাৰ। এছিয়ান গেমছত তেওঁ দুবাৰকৈ সোণৰ পদক লাভ কৰিছিল। ককাক চান্দৰ ভন লেম্বৰিয়া আছিল এজন মল্লযুঁজাৰু। জেচমিনে খুড়াক সন্দীপ সিং আৰু পৰবিন্দৰ সিঙৰ অধীনত প্ৰশিক্ষণ লৈছিল। খুড়াকহঁতেও সৰ্বভাৰতীয় পৰ্যায়ত খেলিছে।

এইগৰাকী ভাৰতীয় কন্যাই ২০২২ চনত কমনৱেলথ গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। সেই সময়ত লাইটৱেট শাখাত পদক লাভ কৰিছিল যদিও এইবাৰ জেচমিনে ৫৭ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰে।

Related News