NORTHEAST NOW (Assamese)

আই পি এল ২০২০ৰ পৰা বাহিৰ মিচ্চেল মাৰ্ছ; দলত যোগ দিব জেচন হল্ডাৰে

September 24, 2020 7:07 am · এন ই নাও নিউজ

ভৰিৰ সৰু গাঁঠিৰ আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ মিচ্চেল মাৰ্ছ চলিত আই পি এলৰ পৰা বাহিৰ হৈছে। এই কথা প্ৰকাশ কৰিছে মিচ্চেল মাৰ্ছে অংশ লোৱা আই পি এল’ৰ দল চানৰাইজাৰ্ছ হায়দৰাবাদে।

তেওঁৰ সলনি এতিয়া ৱেষ্ট ইণ্ডিজৰ জেচন হল্ডাৰে আই পি এল’ত অংশগ্ৰহণ কৰিব বুলি সামাজিক মাধ্যমযোগে চানৰাইজাৰ্ছ হায়দাৰবাদে জানিবলৈ দিয়ে।

ইফালে দলে অতি শীঘ্ৰে মাৰ্ছ সুস্থ হোৱাৰ কামনা কৰিছে।

উল্লেখ্য যে যোৱা সোমবাৰে ৰোয়েল চেলেঞ্জাৰ বাংগালুৰুৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা চান ৰাইজাৰ্ছ হায়দৰাবাদৰ মেচখনত বলিং কৰি থকা সময়ত ভৰিৰ সৰু গাঁঠিত আঘাত পাইছিল অলৰাউণ্ডাৰ মিচ্চেল মাৰ্ছে।

ভৰিত আঘাত পোৱাৰ পাছতে মিচ্চেল মাৰ্ছে বাকী থকা অভাৰ সমূহ সম্পুৰ্ণ কৰিব পৰা নাছিল।

পৰৱৰ্তী সময়ত হায়দৰাবাদৰ হৈ অন্তিম সময়ত মিচ্চেল মাৰ্ছে বেটিং কৰিবলৈ আহিলেও তেওঁ যথেষ্ট অসুবিধা পোৱা দেখা গৈছিল।

Related News