NORTHEAST NOW (Assamese)

বুমৰাহৰ বলত ছিগিল ষ্টাম্প; দললৈ প্ৰত্যাৱৰ্তনৰ অপেক্ষাত য়ৰ্কাৰ কিং

November 26, 2019 9:49 pm · এন ই নাও নিউজ
ফটো: টুইটাৰ

টীম ইণ্ডিয়াই ইয়াৰ ফাষ্ট বলাৰৰ চমকত দিবা-নৈশ টেষ্টখনত বাংলাদেশক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছিল। দলটোৱে ২-০ব্যৱধানত টেষ্ট ছিৰিজটো হস্তগত কৰে।

টীম ইণ্ডিয়াৰ এই বলিং আক্ৰমণত যশপ্ৰীত বুমৰাহ নাছিল। আঘাতৰ বাবে দলৰ বাহিৰত আছিল বুমৰাহ।

ইপিনে বুমৰাহে প্ৰত্যাৱৰ্তনৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে এখন অনুশীলন মেচৰ পাছত তেওঁ ছচিয়েল মিডিয়াত ভগা ষ্টাম্পৰ ফটো আপলোড কৰে।

বুমৰাহে টুইটাৰত এই ফটো আপলোড কৰি এই বাৰ্তা দিছে যে তেওঁ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰিছে। ফটোৰে সৈতে বুমৰাহে লিখিছে,”সমাপ্তি, অনুশীলন আৰু ষ্টাম্পৰ।‘

ভাৰতীয় দলৰ ফাষ্ট বলাৰ ইশান্ত শৰ্মাই বাংলাদেশৰ বিৰুদ্ধে ছিৰিজত ১২ টা উইকেট দখল কৰাৰ সমান্তৰালকৈ মহম্মদ ছামীয়ে ৯টা উইকেট আৰু উমেশ যাদবেও ১২ টা উইকেট লাভ কৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা ছিৰিজত আঘাত পোৱাৰ পাছত যশপ্ৰীত বুমৰাহ দলৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পাছতে তেওঁ চিকিৎসা পৰামৰ্শ ল’বৰ বাবে লণ্ডনলৈ গৈছিল।

বুমৰাহ অহা বছৰ টীম ইণ্ডিয়াই নিউজিলেণ্ড ভ্ৰমণ কৰিবলগীয়া দলটোত অন্তৰ্ভুক্ত হোৱাৰ আশা কৰা হৈছে।

যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত ভাৰতীয় দলৰ ফাষ্ট বলিঙৰ দায়িত্ব চম্ভালিছে ইশান্ত শৰ্মা, মহম্মদ ছামী আৰু উমেশ যাদবে।

Related News