NORTHEAST NOW (Assamese)

লাচিথ মালিংগাক বিশ্বৰ শ্ৰেষ্ঠ য়ৰ্কাৰ বলাৰ আখ্যা জাচপ্ৰীত বুমৰাহৰ

June 5, 2020 9:17 pm · এন ই নাও নিউজ
বুমৰাহ আৰু মালিংগা

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ জাচপ্ৰীত বুমৰাহে তেওঁৰ মুম্বাই ইণ্ডিয়ানছৰ সংগী তথা শ্ৰীলংকাৰ বেগী বলাৰ লাচিথ মালিংগাক বিশ্বৰ শ্ৰেষ্ঠ য়ৰ্কাৰ বলাৰ আখ্যা দিয়ে।

”তেওঁ দীৰ্ঘ সময়ৰ পৰা য়ৰ্কাৰক প্ৰধান অস্ত্ৰ হিচাপে ক্ৰিকেটৰ পথাৰত ব্যৱহাৰ কৰি আহিছে,” বুমৰাহে মালিংগাক প্ৰশংসা কৰি কয়।

২০১৩ চনত মুম্বাই ইণ্ডিয়ানছৰ হৈ আই পি এলত অভিষেক ঘটা জাচপ্ৰীত বুমৰাহে শ্ৰীলংকাৰ তাৰকা বলাৰ গৰাকীৰ সৈতে ৭ বছৰ একলগে আই পি এল খেলিছে।

আই পি এলত মালিংগাৰ পৰা বলিঙৰ ক্ষেত্ৰত যথেষ্ট টিপছো লাভ কৰিবলৈ সক্ষম হৈছে বুলি বুমৰাহে লগতে কয়।

আনহাতে, আন এটা ভিডিঅ’ত বুমৰাহে তেওঁ চুটি বলিঙ ৰান আপৰ বিষয়ে মন্তব্য কৰি সৰু কালত কম ঠাইত ক্ৰিকেট খেলাৰ অভ্যাসৰ ফলতে তেওঁৰ ৰান আপ চুটি কৰাৰ অভ্যাস গঢ়ি উঠিছিল বুলি কৈছিল।

উল্লেখযোগ্য যে, বৰ্তমান সময়ত জাচপ্ৰীত বুমৰাহক বিশ্বৰ শ্ৰেষ্ঠ বলাৰ সকলৰ ভিতৰত এগৰাকী হিচাপে ধৰা যায়।

Related News