NORTHEAST NOW (Assamese)

C(A)A-লৈ মতবিৰোধ, জেডিয়ু নেতা প্ৰশান্ত কিশোৰক দলৰ পৰা বৰ্খাস্ত

January 29, 2020 7:57 pm · এন ই নাও নিউজ
নিতিশ কুমাৰৰ সৈতে প্ৰশান্ত কিশোৰ

নাগৰিকত্ব (সংশোধন) আইন, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা জনতা দল য়ুনাইটেড (জেডিয়ু)-ৰ সহ-সভাপতি প্ৰশান্ত কিশোৰক দলৰ পৰা বৰ্খাস্ত কৰা হয়।

দল বিৰোধী কাৰ্য্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত জনতা দল য়ুনাইটেডৰ সহ-সভাপতি প্ৰশান্ত কিশোৰক দলৰ পৰা বৰ্খাস্ত কৰা হয় বুলি দলীয় বিবৃতিত প্ৰকাশ কৰা হয়।

প্ৰশান্ত কিশোৰৰ উপৰিও দলৰ পৰা আন এগৰাকী বিদ্ৰোহী নেতা পবন বৰ্মাকো বৰ্খাস্ত কৰা হয়।

বিহাৰত বিজেপিৰ সৈতে মিত্ৰজোটৰ চৰকাৰ চলোৱা নিতিশ কুমাৰ নেতৃত্বাধীন জেডিয়ুৰ নেতা প্ৰশান্ত কিশোৰে ‘কা’ আৰু এন আৰ চিক লৈ কেন্দ্ৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

প্ৰধান মন্ত্ৰী মোদীকে জেডিয়ুৰ নেতা গৰাকীয়ে সমালোচনা কৰা দেখা গৈছিল যাক লৈ বিজেপিৰ তৰফৰ পৰা নিতিশ কুমাৰৰ ওপৰত চাপ সৃষ্টি কৰা হৈছিল বুলি জানিব পৰা গৈছিল।

নিতিশ কুমাৰে পূৰ্বেও প্ৰশান্ত কিশোৰক এই সম্পৰ্কত বেছিকৈ মুখ নুখুলিবৰ বাবে পৰামৰ্শ আগবঢ়াইছিল আৰু কোনোবাই দল এৰি গ’লে যাব পাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

নিতিশ কুমাৰৰ মন্তব্যৰ পাছতে আজি বিহাৰৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ নেতা গৰাকীক দলৰ পৰা বহিষ্কাৰ কৰা হয়।

Related News