NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বিশ্ব চলচ্চিত্ৰ জগতলৈ দু:সংবাদ: প্ৰখ্যাত ফৰাচী চলচ্চিত্ৰ পৰিচালক জঁ ল্যুক গডাৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2022 5:41 pm
Jean-Luc Godard

১৯৫০ আৰু ৬০ ৰ দশকৰ শেষৰ ফালে চলচ্চিত্ৰ জগতত নৱজাগৰণৰ সূচনা কৰা ফ্ৰান্সৰ প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক জঁ ল্যুক গডাৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত কিংবদন্তী পৰিচালক গৰাকীৰ বয়স আছিল ৯১ বছৰ।

১৯৩০ চনত পেৰিছত জন্মগ্ৰহণ কৰা গডাৰে চুইজাৰলেণ্ডৰ জেনেভাত শিক্ষাগ্ৰহণ কৰিছিল। ১৯৪৯ চনত স্কুলীয়া শিক্ষা সাং কৰি পেৰিছলৈ উভতি যোৱাৰ পিছত গডাৰে যুদ্ধৰ পিছত ফ্ৰান্সৰ ৰাজধানীত ঠন ধৰি উঠা বৌদ্ধিক “চিনে-ক্লাব”ত এক ন-পৰিচয় লাভ কৰে।

প্ৰভাৱশালী আলোচনী কাহিয়াৰ্ছ ডু চিনেমাৰ চলচ্চিত্ৰ সমালোচক হিচাপে গডাৰে প্ৰাৰম্ভিক সময়ছোৱাত মূলসুঁতিৰ ফৰাচী চলচ্চিত্ৰৰ “গুণগত মানদণ্ডৰ পৰম্পৰা”ৰ সমালোচনা কৰিছিল।

ইয়াৰ পাছতে গডাৰে আন কেইগৰাকীমান সহযোগী সমালোচকে ফৰাচী চলচ্চিত্ৰৰ উপৰিও পৰম্পৰাগত হলিউডৰ প্ৰথাক প্ৰত্যাহ্বান জনাই নিজৰ ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।

১৯৬০ চনৰ ফিচাৰ ব্ৰেথলেছৰ বাবে গডাৰে বিশ্বব্যাপী প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে আৰম্ভ হয় চলচ্চিত্ৰ জগতত এক নৱ বিপ্লৱৰ।

মাৰ্ক্সবাদী দৰ্শনত বিশ্বাস ৰখা গডাৰৰ চিনেমাত এই দৃষ্টিকোণৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছিল। ২০০২ চনৰ চাইট এণ্ড চাউণ্ড জৰীপত সমালোচকসকলে গডাৰক সৰ্বকালৰ শীৰ্ষ দহজন পৰিচালকৰ ভিতৰত তৃতীয় স্থানত অন্তৰ্ভুক্ত কৰিছিল।

২০১০ চনত গডাৰক একাডেমী সন্মানীয় বঁটা প্ৰদান কৰা হয়। কিন্তু এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত নাথাকে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালকগৰাকী।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে টুইট যোগে গডাক এক ৰাষ্ট্ৰীয় সম্পদ হিচাপে অভিহিত কৰি তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে। বিশ্বৰ চলচ্চিত্ৰ জগতেও নৱজাগৰণৰ সূচনাকাৰী গডাৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।