NORTHEAST NOW (Assamese)

‘সীমা অতিক্ৰম নকৰিব’, আদালততে ন্যায়াধীশলৈ ৰঙা চকু অধিবক্তাৰ; পালে হাতে হাতে ফলো

October 18, 2025 11:35 am · এন ই নাও নিউজ, গুৱাহাটী

এক অভূতপূৰ্ব ঘটনাৰ সাক্ষী হৈ পৰিল ঝাৰখণ্ড উচ্চ ন্যায়ালয়। আদালতৰ ভিতৰতে ন্যায়াধীশ আৰু অধিবক্তাৰ মাজত তীব্ৰ তৰ্কাতৰ্কি। সূত্ৰ অনুসৰি অধিবক্তাগৰাকীয়ে ন্যায়াধীশগৰাকীক সীমা অতিক্ৰম নকৰিবলৈও পৰামৰ্শ দিয়ে। অধিবক্তাগৰাকীৰ বিৰুদ্ধে আদালত অৱমাননাৰ জাননী জাৰি কৰা হৈছে।

এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ২৪ নং আদালতত। সূত্ৰ অনুসৰি বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ কুমাৰ আৰু অধিবক্তা মহেশ তেৱাৰীৰ মাজত এই অবাঞ্চিত ঘটনা সংঘটিত হয়।

উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ একাংশই জনোৱা মতে এগৰাকী বিধৱা মহিলাৰ বিদ্যুতৰ বিল বাকী আছে ১ লাখ ৩০ হাজাৰ টকা। ইয়াৰ বাবেই তেওঁৰ ঘৰৰ বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে। মহিলাগৰাকীয়ে তেওঁৰ অধিবক্তাৰ জৰিয়তে কিছু সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনায়।

কিন্তু ন্যায়াধীশগৰাকীয়ে এই সুবিধাসমূহ যিদৰে বিচাৰিছিল, তাৰ ওপৰত আপত্তি কৰে। সেইবাবেই তেওঁলোকৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। এই ঘটনাৰ লাইভ ষ্ট্ৰিমৰ এটা ক্লিপ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

অভিযোগ অনুসৰি, অধিবক্তাগৰাকীয়ে ন্যায়াধীশগৰাকীক কৈছিল, ‘আপুনি আপোনাৰ সীমা অতিক্ৰম নকৰিব’। তদুপৰি তৰ্কৰ সময়ত অধিবক্তাই বিচাৰকৰ ফালে কেইখোজমান আগবাঢ়ি গৈ তেওঁৰ ফালে আঙুলি টোৱাই বুলিও অভিযোগ উঠিছে। তেওঁ কয়, “মই মোৰ নিজৰ ধৰণেৰে যুক্তি আগবঢ়াম। আপুনি কাকো অপমান কৰিবলৈ চেষ্টা নকৰিব। আপোনাৰ সীমা অতিক্ৰম নকৰিব।” প্ৰায় ৪০ বছৰ ধৰি আইন চৰ্চা কৰি থকা বুলিও দাবী কৰে অধিবক্তাগৰাকীয়ে।

সূত্ৰ অনুসৰি, আদালতৰ কক্ষত উপস্থিত থকা অধিবক্তাসকলে পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলায়। ন্যায়াধীশগৰাকীয়ে এগৰাকী অধিবক্তাক সমগ্ৰ ঘটনাৰ ‘নোট’ ৰাখিবলৈও কয়। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে অধিবক্তা মহেশ তেৱাৰীৰ বিৰুদ্ধে আদালত অৱমাননাৰ জাননী জাৰি কৰিছে। তিনি সপ্তাহৰ ভিতৰত তেওঁক জাননীৰ উত্তৰ দিবলৈও নিৰ্দেশ দিয়া হৈছে।

Related News