NORTHEAST NOW (Assamese)
Popular Stories

দিনটো ঠেলাগাড়ীত মোবাইল কভাৰ বিক্ৰী; নিশা ৩ বজালৈকে পঢ়াশুনা! NEETত সফল ঝাৰখণ্ডৰ ৰোহিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 17, 2025 11:08 am

জীৱনত বিভিন্ন প্ৰতিকূলতাৰ মাজতো ঝাৰখণ্ডৰ জামছেদপুৰ নিবাসী ৰোহিত কুমাৰে কেতিয়াও হাৰ মনা নাই। উপাৰ্জনৰ তাড়নাত দিনত ঠেলাগাড়ীত মোবাইল কভাৰ বিক্ৰী কৰিছিল আৰু ঘৰলৈ উভতি অহাৰ পিছত ৰাতি মেডিকেল পৰীক্ষাৰ্থী হৈ পৰিছিল। নিজৰ কঠোৰ পৰিশ্ৰম আৰু অদম্য ইচ্ছাশক্তিৰ বাবে NEET UG পৰীক্ষাত সফল হৈছে ৰোহিত।

NEET UG পৰীক্ষাত ৫৪৯ নম্বৰ লাভ কৰি অল ইণ্ডিয়া ৰেংক ১২৪৮৪ অৰ্জন কৰিছে ৰোহিত কুমাৰে। দেউতাকে এখন শাক-পাচলিৰ বজাৰত কাম কৰে। কিন্তু কেৱল দেউতাকৰ উপাৰ্জনেৰে পৰিয়াল চলাবলৈ যথেষ্ট নাছিল। সেয়ে, হায়াৰ চেকেণ্ডাৰী সম্পূৰ্ণ কৰাৰ পিছত তেওঁৱো কামত লাগি গ’ল। কৰোনা মহামাৰী সময়ত ৰোহিতে এখন ঔষধৰ দোকানত কাম কৰিছিল। তাৰ পৰাই তেওঁৰ ডাক্তৰ হোৱাৰ প্ৰেৰণা গঢ় লৈ উঠিছিল।

উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰি ৰোহিতে কলেজ বাদ দি NEET প্ৰস্তুতিৰ কামত জপিয়াই পৰে। পঢ়া-শুনাৰ বাবে তেওঁ কোনো ধৰণৰ কোচিং ল’ব পৰা নাছিল। অৱশ্যে তেওঁ ‘ফিজিক্স ৱালা’ৰ ‘উমিদ বেচ’ৰ অংশ আছিল, য’ত NEET প্ৰস্তুতিৰ বাবে প্ৰাৰ্থীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰদান কৰা হয়। সংগঠনটোৰ প্ৰতিষ্ঠাপক অলখ পাণ্ডে নিজে অলপতে ৰোহিতৰ ষ্টললৈ গৈ অভিনন্দন জনাইছে, সেই মুহূৰ্তৰ এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈছে।

ৰোহিতে কয় যে তেওঁ পুৱা ৭ বজাত ঘৰৰ পৰা ওলাই গৈছিল। গোটেই দিনটো মোবাইলৰ কভাৰ বিক্ৰী কৰি নিশা ৩ বজালৈকে পঢ়িছিল। পিছদিনা সোনকালে উঠি আকৌ কামলৈ গৈছিল। এনে কঠিন ৰুটিনে তেওঁৰ বাবে সফলতা কঢ়িয়াই আনিছে।

তেওঁ লাভ কৰা ৫৪৯ নম্বৰ আৰু ৰেংক অনুসৰি ৰোহিতে এইবাৰ ঝাৰখণ্ডৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ আশা কৰিছে। নিজৰ ভৰিৰ ওপৰত থিয় হৈ পৰিয়ালক গৌৰৱান্বিত কৰাৰ লক্ষ্য লৈছে জামছেদপুৰৰ যুৱকজনে।