NORTHEAST NOW (Assamese)
অসম

আৰম্ভ জিঅ’ WiFi ভইচ কলিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2020 5:22 pm
Jio launches VO WiFi

ৰিলায়েন্স জিঅ’ই শেহতীয়াকৈ ৱাইফাই ভইচ কলিং সেৱা (voice calling over WiFi networks) আৰম্ভ কৰিছে।

প্ৰতিদ্বন্দ্বী এয়াৰটেলে ভাৰতত শেহতীয়াকৈ এই সেৱা আৰম্ভ কৰাৰ পিছতে জিঅ’য়ো ৱাইফাই ভইচ কলিং আৰম্ভ কৰিছে বুলি প্ৰকাশ

খবৰমতে, এই সেৱা বৰ্তমান কেৱল প্ৰিমিয়াম স্মাৰ্টফোন আৰু দিল্লী টেলিকম চক্ৰতহে আৰম্ভ কৰা হৈছে।

এই সেৱাৰ বিশেষত্ব হৈছে ইয়াত ভইচ কলসমূহৰ বাবে এক সুকীয়া চেনেল সৃষ্টিৰ বাবে ৱাইফাই নেটৱৰ্ক ব্যৱহাৰ কৰা হয় আৰু ফলত কলসমূহৰ গুণগত মান উন্নত হয়।

এয়াৰটেলে যোৱা মাহত দিল্লী, মুম্বাই, তামিল নাদু, ক’লকাতা আৰু অন্ধ্ৰ প্ৰদেশত এই সেৱা মুকলি কৰিছিল।

‘Airtel Wi-Fi Calling’ নামেৰে এয়াৰটেলে সেৱাবিধ আৰম্ভ কৰিছে।