NORTHEAST NOW (Assamese)
Popular Stories

সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ পথত ‘টাটা নেনো’; ২০১৯ বৰ্ষত মাত্ৰ এখন বাহনৰ বিক্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2020 5:30 pm
TATA NANO

টাটা ম’টৰ্ছৰ নেনো কাৰ বৰ্তমান সম্পুৰ্ণৰূপে বন্ধ হোৱাৰ পথত অগ্ৰসৰ হৈছে। প্ৰতিষ্ঠানটোৱে ইতিমধ্যেই ‘নেনো’ৰ উৎপাদন বন্ধ কৰি দিছিল।

টাটা ম’টৰ্ছে শ্বেয়াৰ বজাৰক জনোৱা অনুসৰি ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠানটোৱে এখনো নেনো বাহনৰ উৎপাদন কৰা নায়।

২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত টাটাই এখনো ‘নেনো’ বাহন বিক্ৰী কৰিবলৈ সক্ষম নহ’ল। এবছৰ পূৰ্বে ২০১৮ চনৰ ডিচেম্বৰ মাহত টাটাই ৮২ খন ‘নেনো’ বাহন নিৰ্মাণ কৰিছিল আৰু ৮৮ খন ‘নেনো’ বিক্ৰী হৈছিল।

একেধৰণে ২০১৮ বৰ্ষৰ অক্টোবৰ মাহত প্ৰতিষ্ঠানটোৱে ৭১ খন নেনো উৎপাদন কৰাৰ বিপৰীতে ৫৪ খন নেনো বিক্ৰী কৰিছিল।

উল্লেখযোগ্য যে, ২০১৯ বৰ্ষত একমাত্ৰ নেনো বাহনখনৰ বিক্ৰী ফেব্ৰুৱাৰিত হৈছিল।

২০০৯ বৰ্ষত ৰতন টাটাই টাটা ম’টৰ্ছৰ ‘নেনো’ বাহন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। ইয়াৰ পূৰ্বে ২০০৮ বৰ্ষত অট’ এক্সপোত বাহনখন প্ৰদৰ্শন কৰা হৈছিল।

উল্লেখযোগ্য যে, ‘নেনো’ৰ জৰিয়তে ৰতন টাটাই সাধাৰণ মানুহৰ চাৰিচকীয়া বাহনৰ সপোন পুৰণ কৰিব বিচাৰিছিল যাৰ বাবে ৰতন টাটাই বাহনখন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ সময়তে ইয়াৰ প্ৰাৰম্ভিক মূল্য ১ লাখ টকা হ’ব বুলি কৈছিল।

‘টাটা নেনো’ক গাড়ী বজাৰত আড়ম্বৰপূৰ্ণভাৱে মুকলি কৰাৰ পাছতো লাখটকীয়া বাহনখনে ভাৰতীয় গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম নহ’ল।