NORTHEAST NOW (Assamese)
Popular Stories

বৈদিক ৰীতি-নীতিৰে যিকোনো স্থানত সম্পন্ন বিবাহ বৈধ: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2025 11:04 am

এলাহাবাদ উচ্চ ন্যায়ালয়ে হিন্দু ৰীতি-নীতিৰে সম্পন্ন বিবাহৰ বৈধতা ন্দৰ্ভতপ্ৰদান কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। এটা গোচৰৰ শুনানিৰ সময়ত ন্যায়ালয়ে উল্লেখ কৰে যে, স্থানৰ কোনো গুৰুত্ব নাই; হিন্দু ৰীতি-নীতি অনুসৰি মন্দিৰ, ঘৰ বা মুকলি যিকোনো ঠাইত হোৱা বিবাহ বৈধ।

আৰ্য সমাজৰ মন্দিৰত হিন্দু দম্পতীৰ বিবাহৰ বৈধতা প্ৰশ্ন উত্থাপন কৰি আদালতত এটা গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ৰায় দান দি ন্যায়াধীশ অৰুণ কুমাৰ সিং দেশৱালৰ নেতৃত্বত বিচাৰপীঠে জানায় যে, যদি বিবাহ বৈদিক পৰম্পৰা বা হিন্দু ৰীতি-নীতি অনুসৰি সম্পন্ন হয়—য’ত কন্যাদান, পানীগ্ৰহণ, সপ্তপদী আৰু সেন্দূৰদানৰ মন্ত্ৰ অন্তৰ্ভুক্ত থাকে—তেন্তে ‘হিন্দু বিবাহ আইন, ১৯৫৫’ৰ ধাৰা ৭ অনুসৰি সেই বিবাহ বৈধ। আৰ্য সমাজৰ মন্দিৰত হোৱা বিবাহৰ প্ৰমাণপত্ৰ আইনীভাৱে সম্পূৰ্ণ নহ’ব পাৰে, কিন্তু ইয়াক ‘আৱৰ্জনা’ বুলি ধৰিব নোৱাৰি। পুৰোহিতৰ সাক্ষ্য আৰু ভাৰতীয় সাক্ষ্য আইন, ২০২৩ অনুসৰি ইয়াৰ বৈধতা প্ৰতিপন্ন হয় বুলি উল্লেখ কৰে আদালতে।

উল্লেখ্য যে আবেদনকাৰী মহাৰাজ সিঙে দণ্ডবিধিৰ ধাৰা ৪৯৮-এ অনুযায়ী বাৰেলীৰ আদালতৰ গোচৰ বাতিল কৰিবলৈ আবেদন জনায়, কয় যে তেওঁৰ বিবাহ আৰ্য মন্দিৰত হোৱাৰ ফলত বৈধ নহয়। তেওঁ দাবী কৰে যে প্ৰমাণপত্ৰ ভুলকৈ তৈয়াৰ কৰা হৈছিল আৰু কোনো বিবাহ হোৱা নাছিল। কিন্তু ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি জানায় যে হিন্দু ৰীতি-নীতি অনুসৰি হোৱা বিবাহ স্থানৰ উপৰত নিৰ্ভৰ নকৰে। আদালতে ঐতিহাসিকভাৱে ‘সনাতন ধৰ্ম’ হিচাপে চিনাক্ত হিন্দু ধৰ্মৰ গতিশীলতা উল্লেখ কৰি পঞ্জীয়ন ন’হলেও বিবাহ বৈধ হ’ববুলি মত প্ৰকাশ কৰে।