NORTHEAST NOW (Assamese)

আমনিৰ কাঞ্চনবস্তিত হত্যাকাণ্ড, চামগুৰি আৰক্ষীৰ কব্জাত দুই মূল অভিযুক্ত

April 23, 2019 4:03 pm · ভাৰ্গৱ হাজৰিকা
চামগুৰি থানাত দুই অভিযুক্ত সুনীল আৰু ৰাজু। ছবি-- নৰ্থ ইষ্ট নাও।

নগাওঁ জিলাৰ আমনিৰ কাঞ্চনবস্তিত যোৱা ১৯ এপ্ৰিলৰ পুৱা পোহৰলৈ অহা জিতেন গোৱালা (৪৬) নামৰ লোকজনৰ হত্যাত জড়িত দুই মূল অভিযুক্ত চামগুৰি আৰক্ষীৰ কব্জাত পৰিছে।

ধৃত অভিযুক্ত ৰাজু ঘাটোৱাল (২৫) আৰু সুনীল ঘাটোৱাল (২৬)এ হত্যাকাণ্ডটো সংঘটিত কৰাৰ কথা জেৰাত স্বীকাৰ কৰিছে, চামগুৰি আৰক্ষীৰ দাবী।

দুয়োগৰাকী অভিযুক্তক কাঞ্চনবস্তিস্থিত নিজ বাসগৃহৰ পৰাই সোমবাৰে আৰক্ষীয়ে কৰায়ত্ত কৰিছে।

আৰক্ষী সূত্ৰই জনোৱা মতে পৰিয়ালটোত চলি অহা দীৰ্ঘদিনীয়া পাৰিবাৰিক কন্দলৰ পৰিণতিতেই লোকজনক যুৱক দুজনে হত্যা কৰিছিল।

জানিব পৰা মতে, যোৱা ওঠৰ এপ্ৰিলৰ নিশা আমনিৰ কাঞ্চনবস্তিৰ জিতেন গোৱালা নিজঘৰৰ পৰা ককায়েকৰ ঘৰলৈ যোৱাৰ পথত নিৰুদ্দেশ আছিল।

পিছদিনা পথৰ কাষত তেজৰ চেঁকুৰা আৰু সমীপৰে পথাৰৰ এটা পৰিত্যক্ত কুঁৱাৰ কাষত এজোৰ কাপোৰ দেখি প্ৰত্যক্ষদৰ্শীয়ে চামগুৰি আৰক্ষীক খবৰ দিয়ে।

প্ৰায় পাঁচ ঘণ্টাৰ পিছত নগাঁৱৰ পৰা অহা এচ দি আৰ এফ-ৰ সহযোগত আৰক্ষীয়ে কুঁৱাটোৰ পৰা মোনাত ভৰাই থোৱা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মৃত লোকজন স্থানীয় জিতেন গোৱালা বুলি নিশ্চিত হয়।

Related News