NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰবাসীক পুনৰ টোপ দিলে অমিত শ্বাহে, কি টোপ?

January 22, 2022 9:04 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: January 22, 2022 9:11 pm

সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছতে উত্তপ্ত হৈ পৰা কাশ্মীৰৰ বাসিন্দাসকলক পুনৰ টোপ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কাশ্মীৰক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ওভতাই দিয়া হ’ব বুলি আজি অমিত শ্বাহে কয়।

তেওঁ লগতে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব।

জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও শ্বাহে অনুৰোধ জনায়। উল্লেখ্য কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে ৰাজ্য খনে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছিল। যাৰ ফলত ক্ষোভৰ অগনি জ্বলি আছে ৰাজ্য খনৰ বাসিন্দাসকলৰ মনত।

জম্মু-কাশ্মীৰৰ পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত সৰৱ হৈ পৰিছিল নেশ্যনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

মেহবুবাই  শান্তিপূৰ্ণভাৱে তথা গণতান্ত্ৰিকভাৱে ৩৭০ ধাৰা যাতে পুনৰ প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰবাবে তেওঁলোকে জম্মু-কাশ্মীৰত আন্দোলন চলাই যাব বুলি কৈ আহিছে।

Related News