NORTHEAST NOW (Assamese)
অসম

পূৰ্ণাংগ পিজি কলেজ হোৱাৰ দিশে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল

Posted by: স্মিতা ভট্টাচাৰ্য্য January 4, 2019 8:33 pm
Jorhat-Medical-College-Hospital-570x320

অহা এপ্ৰিলৰ পৰা ৬টা ক্লিনিকেল বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰি পূৰ্ণাংগ পি জি কলেজত পৰিণত হোৱাৰ দিশত আগবাঢ়িছে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেল।

বৰ্তমানলৈকে কেৱল নন-ক্লিনিকেল বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়োৱাৰ বিপৰীতে এপ্ৰিলৰ পৰা মহাবিদ্যালয়খনে শল্য (১০খন আসন), মে’দিচিন (১০), এনাস্থেচিঅ’লজি (৮), অ’ এন্দ জি (৫), ৰেদিঅ’লজি (৪) আৰু ই এন টি (৩) চিকিৎসা বিষয়ত পিজি পাঠ্যক্ৰম আগবঢ়াব।

এই ৪০খন আসন যোগ হোৱাৰ পিছত মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ আসনৰ সংখ্যা বৰ্তমানৰ ১৮খনৰ পৰা বৃদ্ধি হৈ ৫৮খন হ’বগৈ।

মেদিকেল কাউন্সিল অৱ ইন্দিয়াৰ পৰা এই সন্দৰ্ভত যাৱতীয় অনুমতি পত্ৰ অৱশ্যে এতিয়ালৈকে পোৱা নাই চিকিৎসা মহাবিদ্যালয়খনে। কাউন্সিলৰ এই ক্ষেত্ৰত থকা কেইটামান নিৰ্ধাৰিত চৰ্ত পূৰণ কৰাৰ পিছতে এই অনুমতি পোৱাৰ আশা কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক অতুল চন্দ্ৰ বড়োৱে।

“মেদিকেল কাউন্সিলৰ অনুমতি পত্ৰ পোৱাৰ পিছতে আমি এই পি জি পাঠ্যক্ৰম আৰম্ভ কৰিম,” মহাবিদ্যালয়খনত শুকুৰবাৰে এক সংবাদমেলযোগে জনালে বড়োৱে।

স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভাত্তা আৰু আৱাস নিৰ্দিষ্ট কৰিবলৈ কাউন্সিলে দিয়া নিৰ্দেশ পূৰণ হ’লেই এই অনুমতি পোৱাৰ আশা কৰিছে চিকিৎসা মহাবিদ্যালয়খনে।

এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে অসমৰ স্বাস্থ্য শিক্ষা সঞ্চালকলৈ শুকুৰবাৰে পত্ৰ প্ৰেৰণ কৰিছে বুলিও সংবাদমেলত জানিবলৈ দিছে বড়োৱে।

প্ৰতিটোতে ১০০ গৰাকীকৈ এম বি বি এছৰ মুঠ ৯টা বেটছ ২০১০ চনৰ পৰা চিকিৎসা মহাবিদ্যালয়খনৰ পৰা ওলাইছে।

অধীক্ষক সৌৰভ বৰকটকীও উপস্থিত থকা সংবাদমেলখনত বড়োৱে লগতে জনাই যে খুব সোনকালেই চিকিৎসালয়খনত কেন্সাৰ বিভাগো মুকলি কৰা হ’ব।