NORTHEAST NOW (Assamese)

ৰাষ্ট্রপতি নিৰ্বাচিত হ’লে জো বিডেনে প্ৰথম দিনাই বাতিল কৰিব ডোনাল্ড ট্ৰাম্পৰ সকলো সিদ্ধান্ত

July 10, 2020 1:55 pm · এন ই নাও নিউজ
জো বিডেন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনে ডোনাল্ড ট্ৰাম্পৰ সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

তেওঁ কৈছে যে নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হ’লে প্ৰথম দিনাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি যোৱাৰ পৰা আৰম্ভ কৰি ডোনাল্ড ট্ৰাম্পৰ সকলো সিদ্ধান্ত বাতিল কৰিব।

বিডেনে এটা টুইটত কয় যে বিশ্ব স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰাত যুক্তৰাষ্ট্ৰ জড়িত থাকিলেহে আমেৰিকাৰ নাগৰিকসকল নিৰাপদে থাকিব।

তেওঁ কয় যে ৰাষ্ট্ৰপতি হিচাপে প্ৰথমটো দিনতে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাত যোগ দিব আৰু বিশ্বৰ মঞ্চত দেশখনৰ নেতৃত্ব পুনৰ প্ৰতিষ্ঠা কৰিব।

উল্লেখ্য যে যোৱা  মে’ মাহতেই কৰ’না সংকটৰ মাজত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাক চীনৰ হাতৰ পুতলা বুলি অভিহিত কৰি সংস্থাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে, এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ এবছৰ সময় লাগিব পাৰে।

ইতিমধ্যে, কৰ’না সংকটৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰো আৰম্ভ হৈছে আৰু বৰ্তমান পৰিস্থিটোক নিজৰ ফাললৈ নিবলৈ ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দুয়োটা দলেই চেষ্টা অব্যাহত ৰাখিছে।

Related News