NORTHEAST NOW (Assamese)
অসম

আজিৰ দিনটোত একেলগে ৪ গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 10, 2020 1:26 pm
Covid death toll in Assam reaches 930

আজিৰ দিনটোত  ৪ গৰাকী লোক কোভিড-১৯ পজিটিভিত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে।

GMCH ৰ ICU ত মৃত্যু হৈছে ক্ৰমে ৰাখাল দেব (৪২), ৰমেশ কায়স্থ (৬৮), সুখময় ভৌমিক(৭২) আৰু আর্চিডনিক বৰুৱা শইকীয়াৰ।

প্ৰয়াত চাৰিওগৰাকী ৰোগীৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

https://twitter.com/himantabiswa/status/1281487851109011456

কালিৰ দিনটোতো পাঁচগৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছিল।

কালি নিশাৰ ভাগত তিনিগৰাকী কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ বিয়োগ ঘটিছিল ৷

ইয়াৰে অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত মৃত্যু ঘটা ভৱেন গগৈ (৭২) নামৰ ৰোগীগৰাকী তেজৰ কৰ্কট ৰোগ “লিম্ফোমা”ত আক্ৰান্ত হৈ আছিল ।

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ধনেশ্বৰ শীল (৬৮) নামৰ ৰোগীগৰাকী হাওঁফাওঁ ৰোগ (ক্ৰনিক অবষ্ট্ৰাক্টিভ পাল্মোনেৰী ৰোগ) আৰু তাৰ্জুনা বেগম (৩৮) নামৰ ৰোগীগৰাকী মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল ৷

কালি দিনৰ ভাগত কোভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল দুগৰাকীকৈ লোকে।

গুৱাহাটী বেলতলাৰ প্ৰসন্ন কুমাৰ হালৈ(৭০) আৰু কাৰ্বি আংলংৰ  ৰামসিং হানছেই মৃত্যুক আঁকোৱালি লৈছিল।

বুধবাৰে সন্ধিয়া মণিকা ভূমিজ নামৰ শিৱসাগৰৰ যুৱতীগৰাকীয়ে যোৰহাট মেডিকেল কলেজৰ ICU ত মৃত্যুক আঁকোৱালি লৈছিল।

উক্ত দিনাই দিনৰ ভাগত একেলগে পাঁচজনৰ মৃত্যু হোৱাৰ খবৰ আহিছিল।

গুৱাহাটী হুদায়েটপূৰৰ চফীকুল ৰহমান(৬০),  বৰপেটাৰ পাটচাৰকুচিৰ ৰমণী মজুমদাৰ (৬০), গুৱাহাটী কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) আৰু ওদালগুৰিৰ জিতেন্দ্ৰ প্ৰসাদ(৩০)ৰ মৃত্যু হৈছিল।

ৰাজ্যত তিনিদিনত ১৫ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যত ৩১ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা।

ৰাজ্যত মুঠ  ১৪৬০০ গৰাকী লোক আক্রান্ত হোৱাৰ উপৰিও বৰ্তমানলৈ ৯১৪৭ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমান ৫৪২৩ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।