NORTHEAST NOW (Assamese)

ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পাছতো পত্নীসহ কৰ’নাত আক্ৰান্ত অভিনেতা জন আব্ৰাহাম

January 3, 2022 11:34 am · এন ই নাও নিউজ, গুৱাহাটী

বলীউদতো কৰ’নাৰ সংক্ৰমণ বিয়পিছে। এজনৰ পাছত আন এজন বলীউদ তাৰকা আক্ৰান্ত হৈছে কৰ’নাত। কৰিনা কাপুৰ, অমৃতা ৰাওকে ধৰি বহুকেইগৰাকী বলীউদ তাৰকা ইতিমধ্যে কৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে।

সোমবাৰে পুৱাই কৰ’না পজিটিভ হোৱাৰ কথা সদৰী কৰে অভিনেতা জন আব্ৰাহামে। অভিনেতাগৰাকীয়ে লগতে তেওঁৰ পত্নী প্ৰিয়া ৰূঞ্চালৰো ৰিপ’ৰ্ট কোভিড-১৯ পজিটিভ অহা বুলি জানিব দিয়ে।

অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম প’ষ্টত বিবৃতি দি কৰ’না আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছে।

জনে জানিবলৈ দিয়া মতে তিনিদিন পূৰ্বে তেওঁ এজন লোকৰ সৈতে সাক্ষাৎ কৰিছিল। তাৰপাছত ব্যক্তিজনৰ কোভিড-১৯ পজিটিভ ধৰা পৰে। সেয়ে, পত্নীসহ জনে কৰ’না টেষ্ট কৰাত তেওঁলোকৰো ৰিপ’ৰ্ট পজিটিভ আহে।

বৰ্তমান সপত্নীক জন আব্ৰাহাম আইছ’লেশ্যনত আছে। জনে লগতে জানিবলৈ দিয়ে যে তেওঁলোক দুয়োজনে কৰ’না ভেকচিনৰ দুয়োটা ড’জ লৈছে। তেওঁলোকৰ শৰীৰত কৰ’নাৰ সামান্য উপ সৰ্গ দেখা দিছে।

অভিনেতাগৰাকীয়ে সকলোকে সতৰ্ক হৈ থকাৰ লগতে মাস্ক পৰিধান কৰিবলৈকো পৰামৰ্শ দিছে।         

Related News