NORTHEAST NOW (Assamese)

মৰিগাঁৱৰ দয়াং বেলগুৰিত ঐতিহাসিক জোনবিল মেলাৰ উখল-মাখল

January 19, 2019 11:43 am · এন ই নাও নিউজ
Updated: January 19, 2019 11:49 am

গুৱাহাটীৰ পৰা ৩২ কিঃমিঃ দূৰত মৰিগাঁও জিলাত আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। মাঘবিহুৰ পাছৰ প্ৰথমটো বৃহস্পতিবাৰে এই তিনি দিনীয়া মেলাখন আৰম্ভ হৈছে। এই মেলাখনত তাহানিৰ সেই প্ৰাচীন বিনিময় প্ৰথা প্ৰচলিত। খিলঞ্জীয়া সম্প্ৰদায়ৰ আৰু জনজাতীয় লোকসকলে পাহাৰৰ পৰা নামি আহি তেওঁলোকৰ সামগ্ৰীৰ সৈতে ভৈয়ামৰ লোকৰ সামগ্ৰী বিনিময় কৰে।

লোকসকলে সামগ্ৰী বিনিময় কৰে, কেইদিন মানৰ বাবে মিলা-মিচা কৰে আৰু তাৰ পাছত নিজৰ নিজৰ গাঁৱলৈ উভতি যায় এই মেলাখন জোনবিলৰ দয়াং বেলগুৰি নামৰ ঐতিহাসিক স্থানত ১৫খৃষ্টাব্দৰ পৰাই এই স্থানত চলি আহিছে। কাঁচিজোনৰ আকৃতিৰ এটা ডাঙৰ বিলৰ পাৰত এই মেলাখন অনুষ্ঠিত হয় বাবে এই মেলাখনৰ নাম জোনবিল মেলা।

জোনবিল মেলা সমগ্ৰ ভাৰতৰে একমাত্ৰ বিনিময় প্ৰথা চলি থকা মেলা হিচাপে পৰিগণিত। এই মেলাখন প্ৰথমতে অসমৰ তিৱা লোকসকলে ৰাজনৈতিক আলোচনা অনুষ্ঠিত কৰাৰ বাবে অনুষ্ঠিত কৰিছিল।

Related News