NORTHEAST NOW (Assamese)

কা বাতিলৰ দাবীত যোৰহাটত আছুৰ বাইক ৰেলি

August 19, 2020 9:37 pm · স্মিতা ভট্টাচাৰ্য্য

সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধন আইন, ২০১৯ বাতিলৰ দাবীত যোৰহাট চহৰত এক বাইক সমদল বাহিৰ কৰে।

যোৰহাট ষ্টেডিয়ামৰ পৰা সংগঠনৰ পতাকা, প্লাকাৰ্ড লৈ ওলোৱা সমদলটোৱে চহৰৰ উপকণ্ঠ অঞ্চলকো সামৰি লয়।

সমদলটোৰ ফ্লেগ অফ কৰে আছুৰ সাংগঠনিক সম্পাদক জুল খাউণ্ডে। জিলা সাধাৰণ সম্পাদক আৰু শিক্ষা সম্পাদক ক্ৰমে বিজয় শংকৰ বৰদলৈ আৰু ৰাজীৱ বৰায়ো সমদলটোত ভাগ লয়।

প্ৰতিবাদকাৰীসকলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি কা বাতিল আৰু অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ দাবী কৰে।

ছাত্ৰ নেতা বৰদলৈয়ে পিছত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে ক’ভিড১৯ মহামাৰীৰ বাবে কা-বিৰোধী প্ৰতিবাদ যোৱা কিছুমাহত স্তিমিত হৈছিল, কিন্তু সংগঠনটোৱে এতিয়া ইয়াক তীব্ৰতৰ কৰি তুলিব।

তেওঁ কয় যে কা-ৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ধাৰাবাহিক প্ৰতিবাদী আৰু সজাগতামূলক কাৰ্য্যসূচী শীঘ্ৰেই গ্ৰহণ কৰা হ’ব।

“আমি যদি আইনখনৰ বিৰুদ্ধে এতিয়াই মাত নামাতো তেন্তে বেছি দিন নাই যেতিয়া অসমৰ খিলঞ্জীয়া মানুহ নিজ ৰাজ্যতে সংখ্যালঘু হ’ব আৰু নিজৰ সংস্কৃতি, ভাষা আৰু পৰিচয় হেৰুৱাই পেলাব,” বৰদলৈয়ে কয়।

Related News