NORTHEAST NOW (Assamese)

জিমলৈ গৈ ঘূৰি নাহিল যোৰহাটৰ অংকুৰ ,উগ্ৰপন্থী সংগঠনত যোগদানৰ সন্দেহ

March 24, 2022 7:26 am · এন ই নাও নিউজ,টিয়ক
Updated: March 24, 2022 7:34 am

শেহতীয়াকৈ ৰাজ্যৰ বহু যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ জোৱাৰ উঠিছে।

এনে সময়তে যোৰহাটৰ এজন যুৱকেও উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ সন্দেহ প্ৰকট হৈ পৰিছে।

যোৰহাট নিমাটি ভিতৰ ককিলা গাঁৱৰ কুশল দাসৰ পুত্ৰ অংকুৰ দাস যোৱা দেওবাৰে ঘৰৰ পৰা জিমলৈ বুলি ওলাই গৈ আজিলৈকে ঘৰলৈ ঘূৰি অহা নাই।

বাহনা কলেজৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অংকুৰে কোনো উগ্ৰপন্থী সংগঠনত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।

পুত্ৰ এনেদৰে হঠাতে অন্তৰ্ধান হৈ পৰাত শোকত ভাগি পৰিছে অংকুৰৰ পিতৃ-মাতৃ।

সংবাদ মাধ্যমৰ যোগেদি পুত্ৰক ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে পিতৃ- মাতৃয়ে ।

Related News