NORTHEAST NOW (Assamese)

টীয়কৰ চিপাহীখোলাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা অধিৱেশন

January 29, 2022 7:55 am · নিৰ্মলেন্দু পাঠক, টীয়ক

যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা গজপুৰীয়াৰ কৰ্মযোগী মুখ্যেশ্বৰ শইকীয়া সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা সমিতিৰ ৬৭ সংখ্যক বাৰ্ষিক অধিৱেশন।

অধিৱেশন উপলক্ষে প্ৰথম দিনা শিশু আই মাতৃ সমাৰোহৰ লগতে অনান্য বহু কাৰ্যসূচী ৰূপায়ন কৰা হয়।উল্লেখযোগ্য যে উক্ত অধিৱেশনখনি সম্পূৰ্ণ ক’ভিদৰ নীতি নিৰ্দেশনা পালন কৰি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।

অধিৱেশনৰ মুখ্য তোৰণৰ সন্মুখতে প্ৰৱেশ পথত সমূহ ভক্ত প্ৰাণ ৰাইজকে মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰিছে আয়োজক সমিতিৰ স্বেচ্ছাসেৱক সকলে।

ইপিনে বৃহৎ মঞ্চ আৰু বৃহৎ মণ্ডপৰ ব্যৱস্থা কৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখৰো ব্যৱস্থা গ্ৰহণ কৰিছে।

অধিৱেশনৰ ধৰ্মধ্বজ্জা আজি উত্তোলন কৰা হ’ব।

ক’ভিদসৃষ্ট পৰিৱেশৰ বাবে এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা,সাংস্কৃতিক সন্ধিয়াকে ধৰি কেইবাটাও কাৰ্যসূচী বাতিল কৰিছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

Related News