NORTHEAST NOW (Assamese)

গুৱাহাটীত বোমা সংস্থাপন কৰা যুৱকক আটক যোৰহাট আৰক্ষীৰ

September 8, 2024 9:24 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 8, 2024 8:26 pm

যোৱা স্বাধীনতা দিৱসৰ দিনা গুৱাহাটীত বোমা স্থাপনৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে।

সূত্ৰ অনুসৰি, নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ নিৰ্দেশত গুৱাহাটীত বোমা সংস্থাপন কৰিছিল মানৱ কলিতা নামৰ যুৱকজনে।

হোজাই জিলাৰ কাকীৰ পৰা কলিতাক আটক কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ জেৰাৰ সময়ত কলিতাই গুৱাহাটীত বোমা স্থাপনৰ কথা স্বীকাৰ কৰিছে।

যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতংক মিশ্ৰই কয় যে এই গোচৰৰ সৈতে জড়িত মানৱ কলিতাক গুৱাহাটী আৰক্ষীক গতাই দিয়া হৈছে।

অধিক তথ্যৰ বাবে মানৱৰ জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে।

Related News