NORTHEAST NOW (Assamese)

কৃত্ৰিম বান; এজাক বৰষুণতে ডুবিল যোৰহাট নগৰ

July 23, 2021 9:12 am · নিৰ্মলেন্দু পাঠক
Updated: July 23, 2021 9:13 am
ফটো: নৰ্থইষ্ট নাও।

যোৰহাট নগৰত বান, এজাক বৰষুণতে কৃত্ৰিম বানত ডুবিল যোৰহাট নগৰ l

এফালে পথাৰত চিৰাল ফাট, পানীৰ অভাৱত খেতি কৰিব পৰা নাই কৃষক ৰাইজে l

ঠিক তেনে সময়তে এজাক বৰষুণে যোৰহাট নগৰত সৃষ্টি কৰিলে জল প্ৰলয় l

আচলতে যোৰহাটত কৃত্ৰিম বানপানীৰ সমস্যা সামাধানৰ বাবে বহু আঁচনি লৈ বহু কোটি টকা খৰচ কৰা হৈছে যদিও যোৰহাটৰ কৃত্ৰিম বানপানীৰ সমস্যা এতিয়ালৈকে সামাধান নহল।

বুধবাৰে নিশা যোৰহাটত হোৱা প্ৰৱল বৰষুণৰ বাবে যোৰহাট নগৰৰ আতিলা গাঁও, কুশল নগৰ, দহাবৰা চুক, তৰাজান, ন আলিকে ধৰি কেবাটাও অঞ্চল জলমগ্ন হয় l

বৃহস্পতিবাৰে প্ৰায় পানীৰ তলত থাকে নগৰখনৰ বহু অঞ্চল।

আনহাতে, নগৰৰ মাজমজিয়াৰ হৰিজন ক’লনিৰ বহুলোকৰ ঘৰৰ ভিতৰতো পানী সোমায়।

উল্লেখযোগ্য যে, হৰিজন ক’লনিৰ বহুলোকেই যোৰহাট পৌৰসভাৰ অন্তৰ্গত  চাফাই কৰ্মী হিচাপে কাম কৰে।

কিন্তু এইসকল লোকৰ দুখ-দুৰ্দশাৰ কথা প্ৰশাসনে বুজিবলৈ আহৰি নাই বুলি আক্ষেপ প্ৰকাশ কৰে।

Related News