NORTHEAST NOW (Assamese)

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

May 14, 2025 10:32 am · এন ই নাও নিউজ, গুৱাহাটী


৮৯ বছৰ বয়সত মৃত্যু হ’ল লেতিন আমেৰিকাৰ দেশ উৰুগুৱেৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জোচে মুজিকাৰ। জোচে মুজিকাক নিজৰ দেশত “পেপে” নামেৰে জনা গৈছিল।

২০১০ চনৰ পৰা ২০১৫ চনলৈকে উৰুগুৱেৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন গেৰিলা নেতা মুজিকা সৰল জীৱনশৈলীৰ বাবে বিশ্বৰ “আটাইতকৈ দুখীয়া ৰাষ্ট্ৰপতি” হিচাপে পৰিচিত আছিল।

উৰুগুৱেৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ইয়ামাণ্ডু অৰ্চিয়ে জোচে মুজিকাৰ মৃত্যুৰ কথা ঘোষণা কৰি লিখিছে, “আপুনি আমাক দিয়া সকলো বস্তুৰ বাবে আৰু আপোনাৰ জনসাধাৰণৰ প্ৰতি আপোনাৰ গভীৰ প্ৰেমৰ বাবে ধন্যবাদ।প্ৰাক্তন ৰাষ্ট্ৰপতি মুজিকাৰ মৃত্যু কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও তেওঁ খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল বুলি জানিব পৰা গৈছে।

Related News