NORTHEAST NOW (Assamese)
অসম

অথলে গ’ল ষড়যন্ত্ৰ! আৰক্ষীয়ে প্ৰমাণ দিব নোৱাৰিলে : জামিন লাভ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 26, 2025 7:00 pm

মঙলবাৰে দিনৰ পৰা বুধবাৰে আবেলিলৈকে সাংবাদিকৰ প্ৰতিবাদ চলি থকাৰ মাজতেই আজি সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন আবেদন মঞ্জুৰ কৰে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে।

জানিব পৰা মতে, দ্য ক্ৰছ কাৰেন্টৰ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰে জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, ৰাহুল শেনচোৱা আৰু এ এছ তাপাদাৰে।

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে মঙলবাৰে এপেক্স বেংকৰ দুৰ্নীতিৰ কেলেংকাৰীৰ অভিযোগ সম্পৰ্কে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ পাছতে মজুমদাৰক পাণবজাৰ আৰক্ষীয়ে মাতি নিয়ে আৰু মাজনিশালৈকে আটক কৰি থানাতে ৰাখি থয়। তাৰপিছত মাজনিশা কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

ইফালে মঙলবাৰৰ পৰা বুধবাৰে আবেলিলৈকে অসমৰ বিভিন্ন স্থানৰ সাংবাদিক সকলে এই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ সাংবাদিকসকলে গুৱাহাটী প্ৰেছক্লাৱ আৰু আদালতৰ সমুখতো প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে আদালতত হুছেইনৰ জামিন মঞ্জুৰ হয়।

জানিব পৰা মতে, আৰক্ষীয়ে সাংবাদিকগৰাকীৰ বিৰুদ্ধে কোনো প্ৰমাণ দাঙি ধৰিব নোৱাৰাৰ লগতে চৰকাৰী পক্ষৰ সাংবাদিক যথাযথ যুক্তি আগবঢ়াব নোৱাৰিলে। ইয়াৰ পিছতে আদালতে দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ কৰে।